বেগালুৰুত পানীত ভাঁহি ভাঁহি কংগ্ৰেছ সভাপতিৰ ব্যতিক্ৰমী প্ৰতিবাদ

94028973

বিগত কে’বাদিনো ধৰি বেংগালুৰুত প্ৰবল বৃষ্টিপাত হৈ আছে । ফলত চহৰখনত কৃত্ৰিম বানৰ সৃষ্টি ‌হৈছে । সেয়ে বিৰোধী দলসমূহে বিজেপি চৰকাৰ বিফল হোৱা বুলি দাবী জনাইছে ।

আজি বেংগালুৰুৰ নালাপদৰ কৰ্ণাটক প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সভাপতি মোহম্মদ হেৰিছক কৃত্ৰিম বানত ভাঁহি ভাঁহি প্ৰতিবাদ কৰা পৰিলক্ষিত হ’ল । চহৰত পানী আবদ্ধ হৈ থকা সমস্যাৰ সমাধান কৰাৰ দাবীত ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তেওঁ এই প্ৰতিবাদ সাব্যস্ত কৰে ।

Exit mobile version