COVID-19 Vaccine : ভাৰত বায়’টেকৰ নাকত লোৱা কৰ’না প্রতিষেধকক অনুজ্ঞাপত্র কেন্দ্রৰ

কেৱল প্রাপ্তবয়স্কসকলক প্ৰদান কৰিব পাৰিব

nasal 1662458357

ভাৰত বায়’টেকৰ নাকত লোৱা কৰ’না প্রতিষেধকক অনুমোদন দিলে কেন্দ্র‌ই । জৰুৰী পৰিস্থিতিত প্রাপ্তবয়স্কসকলক এই প্রতিষেধক প্ৰদান কৰিব পাৰিব । জনাইছে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মাণ্ডব্য‌ই । মন্ত্রীৰ দাবী, ইয়াৰ ফলত কৰ’নাৰ বিৰুদ্ধে ভাৰতৰ যুঁজে ভিন্ন উচ্চতা পাব ।

যোৱা ফেব্রুৱাৰীত, কৰ’নাৰ প্রতিষেধক হিচাপে এই ধৰণৰ নাকত দিয়া কৰ’না প্রতিষেধক বজাৰত আনে মুম্বাইৰ ঔষধ প্রস্তুতকাৰক সংস্থা গ্লেনমার্কে । সেই প্রতিষেধককো প্রাপ্তবয়স্কসকলক ব্যৱহাৰৰ অনুজ্ঞাপত্র দিয়া হৈছিল । এইবাৰ বজাৰত আহিব ভাৰত বায়’টেকৰ নাকত লোৱা কৰ’না প্রতিষেধকো ।

ড্রাগছ কন্ট্র’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই (ডিচিজিএ) ভাৰত বায়’টেকক এই নাকত লোৱা কৰ’না প্রতিষেধকৰ উৎপাদন আৰু বজাৰত মুকলি কৰাৰ অনুমতি দিছে । অৱশ্যে সর্বত্র ইয়াৰ ব্যৱহাৰ কৰিব নোৱাৰিব । সম্প্ৰতি প্রাপ্তবয়স্কসকলক জৰুৰী ভিত্তিতে এই নাকত লোৱা কৰ’না প্রতিষেধক দিব পাৰিব বুলি জনাইছে কেন্দ্র‌ই ।

Exit mobile version