ASSAM-ARUNACHAL BORDER অসম-অৰুণাচলত সীমান্ত উদ্ধাৰ বৃহৎ পৰিমাণৰ পাকিস্তানত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী

WhatsApp Image 2022 09 07 at 19.23.52

শোণিতপুৰ আৰক্ষী-সেনাৰ ব্যাপক সফলতা ৷ তেজপুৰস্থ সেনাৰ ফ’ৰ ক’ৰৰ চোৰাংচোৱা গোটৰ গোপন সূত্ৰৰ পমখেদি সেনা-আৰক্ষীয়ে যৌথ অভিযানকাৰী দল এটাই অসম- অৰুণাচল সীমান্তৰ মিছামাৰীত অভিযান চলাই এটা গাতৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ পাকিস্তানত নিৰ্মিত অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী ৷

এটা ট্ৰাংকত ভৰাই থোৱা আছিল অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী খিনি ৷ এম এম জি ৰাউণ্ড গুলী,পেইন পিষ্টল দুটা,এছএল আৰ পাঁচটা,পইণ্ট টুটু সক্ৰিয় গুলী ১৫ ৰাউণ্ড,খালি কাৰ্টুজ ১২ টা,হস্তনিৰ্মিত পিষ্টল ৭ টা আৰু বন্দুক ৩ টা গ্ৰেনেড দুটা,একে ফৰটি ছেভেনৰ মেগজিন ১ টা,ৰিভলভাৰ মেগজিন ৭ টা উদ্ধাৰ হয় ট্ৰাংকটোৰ ভিতৰত ৷ শোণিতপুৰ আৰক্ষীয়ে সন্দেহ কৰা মতে কোনো বিদ্ৰোহী সংগঠনে কুটাঘাতমূলক কাৰ্য সংঘটিত কৰাৰ লক্ষ্যৰে এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ খিনি ট্ৰাংকত ভৰাই গাঁতত লুকুৱাই থৈছিল ৷

Exit mobile version