ATTACK OF LOCUSTS চৰহা পোকৰ আক্ৰমণত ধৰাশায়ী নপাম পথাৰৰ ২০ বিঘাৰো অধিক ধান খেতি

মূৰে কপালে হাত দুৰ্ভগীয়া কৃষকৰ

WhatsApp Image 2022 09 07 at 19.43.52 1

ATTACK OF LOCUSTS লীলাবাৰীস্থিত নপাম পথাৰৰ ২০ বিঘাৰো অধিক ধান খেতিত চৰহা পোকৰ আক্ৰমণত ধৰাশায়ী হোৱা কাণ্ডত কৃষকে মূৰে-কপালে হাত দি ত্ৰাহি মধূসুধন সোঁৱৰিছে । ভৰাললৈ ন-লখিমী অনাৰ দুৰ্বাৰ হেঁপাহেৰে কপালৰ কেঁচা ঘাম মাটিত পেলাই কৰা কৃষিত হঠাৎ চৰহা পোকৰ বিধ্বংসী ৰূপত বসুমতী ফাট মেলা পাতালে লুকাওঁ অৱস্থা হৈছে । উক্ত কৃষিভূমিত আজিৰ পৰা ২০,২৫ দিনৰ আগৰে পৰা চৰহা পোকে আক্ৰমণ কৰে । সজাল ধৰি ক্ৰমাৎ সেউজীয়া হৈ উঠা ভুঁই চৰহা পোকৰ আক্ৰমণত হালধীয়া আৰু শেতা পৰি গৈছে ।

উল্লেখ্য যে শাওণ মাহৰ শেষৰফালে যিবোৰ ভুঁই ৰোৱা হৈছিল সেই ভুঁইত চৰহা পোকে থিতাপি লৈ এফালৰ পৰা তচনচ কৰি পেলাইছে । কৃষকৰ চকুৰ সন্মুখতে আশাৰে ৰোৱা ভুঁইৰ এনে অৱস্থাত কৃষকৰ চকুৰ টোপনি নোহোৱা হৈছে ।  এই ভাদ-আহিনত সজাল ধৰি ধানে গেৰ ধৰিবলৈ ধৰা গুৰুত্বপূৰ্ণ সময়ছোৱাত চৰহা পোকৰ আক্ৰমণে কৃষকৰ কৃষি উৎপাদন একেবাৰে নিম্নগামীলৈ অৱনমিত হ’ব তাৰ পূৰ্ণ সম্ভাৱনাই গা কৰি উঠিছে বুলি স্থানীয় ৰাইজে একে মুখে স্বীকাৰ কৰিছে ।

তদুপৰি এই সন্দৰ্ভত স্থানীয় ৰাইজে কৃষি বিভাগক অৱগত কৰা স্বত্তেও জিলা প্ৰশাসন, কৃষি বিভাগে কোনো ধৰণৰ তাৎক্ষণিক পদক্ষেপ গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে ।মনকৰিবলগীয়া যে আজিৰ বিজ্ঞান প্ৰযুক্তিৰ যুগত কৃষি বিভাগৰ এনে সোৰোপা, অৱহেলিত মনোভাৱে কৃষকক কৃষি কৰ্মৰ প্ৰতি নিৰুৎসাহ মনোভাৱ আনিবলৈ বেছি দিন নালাগিব ।

Exit mobile version