Chhattisgarh : অভিযন্তাৰ চাকৰি এৰি চাহৰ ব্যৱসায়, প্রতি মাহে ১০ গুণ অধিক আয় !

engineer chaiwala 3

ছত্তিছগড়ৰ আদিবাসী অধ্যুষিত বস্তাৰ জিলাত সম্প্ৰতি এজন যুৱকে বিপুল জনপ্রিয়তা লাভ কৰিছে ৷ তেওঁক লৈ চলিছে তুমুল আলোচনা । জগদলপুৰত ব্যৱসায়ী প্রয়াস নাগে চাহ ব্যৱসায় কৰি যথেষ্ট উন্নিত হৈছে । প্রয়াসে ইঞ্জিনিয়াৰিং এৰি জগদলপুৰত চাহৰ ব্যৱসায় আৰম্ভ কৰে ।

প্রয়াস নাগে জনায়, আগৰ পৰাই তেওঁ খাদ্যৰ ব্যৱসায়ৰ প্রতি আগ্রহী আছিল । মহাবিদ্যালয়ত পঢ়ি থকাৰ সময়ত তেওঁ অনেকৰ বাবে টিফিন বনাই বিক্রী কৰিছিল । পঢ়া-শুনা শেষ কৰি তেওঁ দুই বছৰ ইনটার্ন হিচাপেও কাম কৰে ।

প্রয়াসে জনায় যে কেইমাহমান পূৰ্বে তেওঁ অভিযন্তাৰ চাকৰি এৰি চাহ বিক্রী কৰা আৰম্ভ কৰে । স্বাভাৱিকভাৱেই অভিযন্তাৰ ডিগ্রী পোৱা ল’ৰাৰ চাহ বিক্রী মানি ল’ব পৰা নাছিল পিতৃ-মাতৃয়ে ৷ তেওঁলোকে প্রথমে তীব্র বিৰোধিতা কৰে । কিন্তু পাছত পৰিয়ালৰ সদস্যসকলে তেওঁৰ কাম মানি লৈ এই ব্যৱসায়ত সহায় কৰে ।

প্রয়াস নাগৰ মতে, তেওঁ কিছু মাহ পূৰ্বে মাত্র ৫০০০ টকা খৰচ কৰি এটা “ইঞ্জিনিয়ার্ড চাইৱালা” দোকান আৰম্ভ কৰিছিল । ইয়াৰ পাছৰ পৰা প্রতিমাহে গড়ে ৬০ৰ পৰা ৭০ হেজাৰ টকা আয় হৈছে ! প্রয়াসে জনায় যে চাহ বিক্রী কৰি তেওঁ বিপুল লাভান্বিত কৰিছে ৷

 

প্রয়াসে কয়, চাহৰ ব্যৱসায় আৰম্ভ কৰাৰ পাছত তেওঁ যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে । চাহৰ লগতে তেওঁ মেগি, বার্গাৰ, ছেণ্ডউইচ আদিও বিক্রী কৰে ৷ অৱশ্যে তেওঁৰ দোকানৰ ক্রেতা স্থানীয় লোকেই ৷ বাস্তৱৰ সুস্বাদু খাদ্য বিক্রী কৰি তেওঁ এটা নতুন পৰিচয় দিব বিচাৰে । তাৰ বাবে তেওঁ বিশেষ পৰিকল্পনাৰে কাম কৰিছে ।

Exit mobile version