COVID-19 : ক’ভিড আপডেট

72131f4f4405efd0b505f1c80406347d

দেশজুৰি কৰ’নাত দৈনিক আক্রান্তৰ সংখ্যা বাঢ়ি পাঁচ হেজাৰ স্পৰ্শ কৰিছে । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত কৰ’নাত দৈনিক সংক্রমিতৰ সংখ্যা ৫,৩৬৮ । মঙলবাৰে এই সংখ্যা আছিল ৪,৪১৭ ।

ৰাজ্যভিত্তিক দৈনিক ক’ভিড সংক্রমণৰ শীর্ষত আছে কেৰালা । যোৱা ২৪ ঘণ্টাত কেৰালাত দৈনিক আক্রান্তৰ সংখ্যা ১,১৫৪ । দৈনিক সংক্রমণৰ তালিকাত ইয়াৰ পাছতে আছে মহাৰাষ্ট্র (৮৬৯), কর্নাটক (৫৯২), তামিলনাডু (৪৪৯) আৰু ওড়িছা (২৩১) ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক’ভিডত আক্রান্ত হৈ ১৬ জনৰ মৃত্যু হৈছে । বিগত ২৪ ঘণ্টাত কেৰালাত কৰ’নাত আক্রান্ত হৈ মৃত্যু হৈছে ১২ জনৰ । ইয়াৰ ভিতৰত ১১ জনৰ পূৰ্বেই মৃত্যু হৈছিল যি তালিকাত পাছত নথিভুক্ত কৰা হৈছে । মহাৰাষ্ট্র, কর্নাটক, পশ্চিমবংগ আৰু ছত্তীছগঢ়ত দুজন ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছে ‌।

তদুপৰি তামিলনাডু, দিল্লী, ওড়িছা, গুজৰাট, পঞ্জাৱ, হাৰিয়ানা আৰু উত্তৰাখণ্ডত এজনকৈ লোকৰ মৃত্যু হৈছে । মঙলবাৰে এই সংখ্যা আছিল ২৩ । দেশত এই পর্যন্ত পাঁচ লাখ ৩০ হেজাৰ ৬০৪ জন লোকে ক’ভিডত আক্রান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

Exit mobile version