LALETAPU1983 MOVIE “লালেটাপু ১৯৮৩” অসমীয়া কথাছৱিৰ বিৰুদ্ধে সৰৱ জামুগুৰিহাটৰ দল-সংগঠন

WhatsApp Image 2022 09 07 at 20.11.40

LALETAPU1983 MOVIE লালেটাপু ১৯৮৩ নামৰ অসমীয়া নিৰ্মিয়মান চিনেমাখনকলৈ সম্প্ৰতি তীব্ৰ প্ৰতিবাদ আৰম্ভ হৈছে জামুগুৰিহাটত ৷ ১৯৮৩ৰ ২০ মাৰ্চত লালেটাপুত সাতজনকৈ পাহোৱাল অসমীয়া ডেকাক সন্দেহজনক নাগৰিক বুলি হানি খুচি নৃশংসভাৱে হত্যা কৰাৰ পাছত তথা এই ঘটনাক কেন্দ্ৰ কৰি আদিত্যম শইকীয়াই নিৰ্মাণ কৰে লালেটাপু ১৯৮৩ নামৰ এখন অসমীয়া কথাছৱি ৷ সম্প্ৰতি এই কথাছৱিক লৈয়ে বিৰ্তকৰ সৃষ্টি হৈছে জামুগুৰিহাটত ৷

আজি আদিত্যম শইকীয়াৰ এই কথাছৱিখনকলৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম আন্দোলনৰ সতীৰ্থ মঞ্চই ৷ জামুগুৰিহাটৰ পৰিদৰ্শন ভৱনত অনুষ্ঠিত এক সংবাদমেল আয়োজন কৰি অসম আন্দোলনৰ সতীৰ্থ মঞ্চৰ সভাপতি পূৰ্ণ হাজৰিকাই কয়, “এই কথা ছৱিখনত ইতিহাস বিকৃত কৰা হৈছে ৷ অতি বিভৎস দৃশ্য দেখুওৱা হৈছে ৷ ছহিদক অপমান কৰা এই কথাছৱিখন বন্ধ নকৰিলে আমি আইনৰ কাষ চাপিম ৷”

সম্পাদক শৈলেন বৰকটকীয়ে কয়, “লালেটাপুৰ ইতিহাস বিকৃত কৰি আদিত্যম শইকীয়াই সাম্প্ৰদায়িক বিষবাষ্প বিয়পাব বিছাৰিছে ৷ নোহোৱা-নোপোজা ঘটনা ছবিখনৰ ট্ৰেইলৰত দেখুওৱা হৈছে ৷ পুৰুষৰ উলংগ ফটো, মহিলাৰ উলংগ ফটো, বলাৎকাৰৰ দৃশ্য ৷ যি ঘটনা লালেটাপুত হোৱাই নাছিল ৷ আদিত্যম শইকীয়াৰ এই অসমীয়া চিনেমা বন্ধ নকৰিলে আমি আইনৰ আশ্ৰয় ল’ম ৷” সতীৰ্থ মঞ্চৰ অন্যতম বিষয়ববীয়া নলিনীৰঞ্জন ভূঞাঁই কয়, “চিনেমাখনৰ নাম সলনি কৰিলেই আমি ক্ষান্ত নহওঁ ৷ জামুগুৰিবাসী ৰাইজৰ আবেগ অনুভূতিক আঘাত হানি আদিত্যম শইকীয়াই লালেটাপু ঘটনাক বিকৃত ৰূপত প্ৰদৰ্শন কৰিছে ৷ এই কথা আমি কেতিয়াও মানি নলওঁ ৷ এই কথাছৱি সম্পূৰ্নৰূপে বন্ধ হ’ব লাগে ৷”

বাৰেচহৰীয়া ভাওনা কমিটীৰ কাৰ্যকৰী সভাপতি ভৱ গোস্বামীয়ে কয়, “জামুগুৰিহাটৰ ইতিহাস আমি কেতিয়াও বিকৃত হ’বলৈ নিদিওঁ ৷ সামাজিক, সাংস্কৃতিকভাৱে চহকী এই জামুগুৰিহাটৰ মান-সন্মান আমি কেতিয়াও লাঘৱ হ’বলৈ দিব নোৱাৰো ৷ সম্পূৰ্ণ মনেসজা কাহিনীৰে এই চিনেমা নিৰ্মাণ কৰিছে ৷ আমি এই চিনেমা নিষিদ্ধ হোৱাটো বিছাৰিছো ৷”জামুগুৰি সহিত্যসভাৰ সভাপতি জ্যোতি ভট্টাচাৰ্যই ১৯৮৩ৰ লালেটাপুৰ ঘটনাক বিকৃত কৰা তথা ইতিহাস সলনি কৰি পেলোৱা আদিত্যম শইকীয়াক তীব্ৰ গৰিহণা দিয়াৰ লগতে এই চিনেমাৰ নাম সলনিয়েই নহয় এই চিনেমাৰ কাহিনী মচি পেলাবলৈ প্ৰযোজকগৰাকীক আহ্বান জনাইছে ৷ অন্যথা আইনৰ আশ্ৰয় ল’ম বুলিও মন্তব্য কৰে জ্যোতি ভট্টাচাৰ্যই ৷

সংবাদমেলখনত অংশগ্ৰহণ কৰি শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সভাপতি অভিজিৎ নাথে কয়, “আদিত্যম শইকীয়াই অসম আন্দোলনক অপমান কৰিছে ৷ ছহিদসকলক অপমান কৰিছে ৷ লালেটাপুৰ ঘটনাক বিকৃত কৰি অতি বিভৎস ৰূপত নিৰ্মাণ কৰা লালেটাপু ১৯৮৩ নামৰ ছৱিখন চিৰদিনৰ কাৰণে নিষিদ্ধ কৰিব লাগে ৷ অন্যথা আমি জামুগুৰি ৰাইজৰ সহযোগত কঠোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ম ৷”

Exit mobile version