চোৰাং গৰুৰ বিৰুদ্ধে ধূপধৰা আৰক্ষীৰ অভিযান, জব্দ তিনিখনকৈ গৰুভৰ্তি বাহন

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ। আৰক্ষীৰ অভিযানৰ মাজতো অসমৰ পৰা প্ৰায় নিতৌ মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহ হৈ আছে চোৰাং গৰু । তেনে এটা চোৰাং গৰু ব্যৱসায়ী চক্ৰই ট্ৰাকসহ দুখন পিকআপ ভেনেৰে ১৬ টাকৈ গৰু অবৈধ ভাৱে অসমৰ গোৱালপাৰাৰ পৰা বাহিৰলৈ সৰবৰাহ কৰাৰ সময়তে ধূপধৰা আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয়।

জানিব পৰা মতে, কালি নিশা আৰক্ষীয়ে পহৰাৰ সময়তে প্ৰত্যক্ষ কৰে তিনিখনকৈ বাহন । সন্দেহবশত বাহন কেইখন ৰ’বলৈ আৰক্ষীয়ে নিৰ্দেশ দিয়ে যদিও আৰক্ষীৰ নিৰ্দেশ কেৰেপ নকৰি তীব্ৰ গতিত বাহন কেইখন পলাবলৈ চেষ্টা কৰে । বাহন কেইখনৰ পিছ লোৱা আৰক্ষীৰ দলটোয়ে , বহু দূৰ খেদি খেদি বাহন কেইখন কৰায়ত্ত কৰিবলৈ সক্ষম হয় যদিও আন্ধাৰৰ সুযোগ লৈ চোৰাং ব্যৱসায়ীৰ দলটো পলাই যাবলৈ সক্ষম হয় ৷

ইফালে আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি , অসমৰ গোৱালপাৰাৰ পৰা মেঘালয়লৈ চোৰাং গৰু সমূহ সৰবৰাহ কৰি আহিছে একাংশ চোৰাং ব্যৱসায়ীয়ে ৷ ইফালে চোৰাং গৰুৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আছে যদিও আৰক্ষীৰ চকুত ধূলি দি চোৰাং গৰুৰ অবাধ ব্যৱসায় চলাই গৈছে একাংশ ব্যৱসায়ীয়ে ৷ আৰক্ষীয়ে জব্দ কৰা গৰুভৰ্তি বাহন কেইখনৰ পঞ্জীয়ন নম্বৰ হৈছে ক্ৰমে- AS01EC9448 (ট্ৰাক) AS01NC4999 আৰু AS18C7270 পিক আপ বাহন।

Exit mobile version