দিনটোৰ ৰাশিফল

SEI 96594073

মেষঃ এই ৰাশিৰ জাতক-জাতিকাই বগা ৰঙৰ কাপোৰ পৰিধান কৰিব । শিক্ষাৰ্থীসকলৰ বাবে ভাল । ব্যৱসায়ীসকল নতুন কামত হাত নিদিয়াৰ ভাল । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

বৃষঃ বন্ধুবৰ্গৰ পৰা সাৱধানে থাকিব । চাকৰিৰ ক্ষেত্ৰত বৰ ভাল নহয় । ঘৰত কোনোবা মহান ব্যক্তিৰ আগমন । শুভ ৰং ৰঙা । শুভ সংখ্যা ১ ।

মিথুনঃ কৰ্মক্ষেত্ৰত শত্ৰু প্ৰতিনিয়ত ক্ষতিৰ চেষ্টা কৰিব । বিদ্যাৰ্থীসকলৰ শুভ । যানবাহনৰ পৰা সাৱধান । ব্যৱসায়ৰ ক্ষেত্ৰত অতি অশুভ ।

কৰ্কটঃ সংসাৰৰ ফালে মানসিক শান্তি বিঘ্নিত হ’ব পাৰে । গণেশ মন্দিৰত পাঁচটা লাড়ু দান কৰিব । শিক্ষাৰ্থীয়ে ভবা মতে ফল নাপাব ।

সিংহঃ ৰাজনৈতিক ক্ষেত্ৰত উন্নতিৰ যোগ । আৰ্থিক মধ্যম । বিদ্যাৰ্থীৰ শুভ । ব্যৱসায়ীসকলে নতুন কামত হাত নিদিয়াই ভাল ।

কন্যাঃ কোনো বন্ধুৰ কাৰণে আৰ্থিকভাৱে ক্ষতিগ্ৰস্ত হ’ব পাৰে । কৰ্মক্ষেত্ৰত সাফল্য আহিলেও আশানুৰূপ অৰ্থ নাহিব । শুভ ৰং গুলপীয়া । শুভ সংখ্যা ৮ ।

তুলাঃ বিভিন্ন ফালে মনৰ আশা পূৰ্ণ হোৱা দেখা যায় । ভিক্ষাৰীক দান কৰিব । দূৰ ভ্ৰমণ । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

বৃশ্চিকঃ যানবাহনৰ পৰা সতৰ্ক থাকিব । বিবাহৰ যোগ । প্ৰেমত অশুভ। বিদ্যাৰ্থীয়ে ভবা মতে ফল নাপাব । ভ্ৰমণৰ যোগ আছে ।

ধনুঃ গা ধুৱাৰ পাছত বেল গছৰ গুৰিত পানী ঢালিব । যাত্ৰা নকৰিব । চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে । সংসাৰৰ প্ৰতি নজৰ ৰাখিব । সৰু-সুৰা মাধ্যমিক সমস্যা হ’ব পাৰে ।

মকৰঃ ভাল-বেয়া মাজেৰে দিনটো পাৰ হ’ব । ক’লা কাপোৰ দান আৰু নিৰামিষ আহাৰ কৰিব । বিদ্যাৰ্থীয়ে পঢ়াত মনোযোগ দিলে আশা কৰা মতে ফল পাব।

কুম্ভঃ প্ৰেমত শুভ । চাকৰিৰ ক্ষেত্ৰত বাধা । যানবাহনৰ পৰা সাৱধানে থাকিব । ঘৰৰ কোনো ব্যক্তি শাৰীৰিক সমস্যাত ভুগিব । শুভ ৰং বগা, শুভ সংখ্যা ৮ ।

মীনঃ এই ৰাশি জাতক-জাতিকাই ৰঙা বস্ত্ৰ পৰিধান কৰিব আৰু নিৰামিষ আহাৰ কৰিব । এজন ব্ৰাহ্মণক এখন গীতা আৰু দক্ষিণা দান কৰিব ।

Exit mobile version