ৰঙিয়াত আৰক্ষীৰ তালাচীত উদ্ধাৰ কেংগাৰু, চিম্পাজী সহ অৰ্ধ শতাধিক বন্যপ্ৰাণী, আটক দুজন

WhatsApp Image 2022 09 08 at 14.56.07

ৰঙিয়া আৰক্ষীয়ে আজি পুৱাতে অৰ্তকিতে চ’চাইটিৰ চ’কত অভিযান চলাই দুখন বিলাসী বাহনত পৰা উদ্ধাৰ কৰে অৰ্ধ শতাধিক বন্যপ্ৰাণী ৷ গোপন সূত্ৰৰ পমখেদি ৰখাই থোৱা DL BCA09876 নম্বৰৰ ইনভা আৰু ফৰচুনাৰ গাড়ীৰ পৰা আৰক্ষীয়ে ১৯ টা বিভিন্ন প্ৰজাতিৰ বান্দৰ,দুটা কেংগাৰু, ৩টা চিম্পাজী আৰু সৰু-বৰ বহু কেইটা কাছ আৰু চৰাই জব্দ কৰে৷ উল্লেখ্য যে নিজকে সেনাৰ লোক বুলি চিনাকি দিয়া লোক কেইজনৰ ইনভা গাড়ীখনত আৰ্মী ষ্টিকাৰ লগোৱা আছিল ৷

আৰক্ষীয়ে বাহন দুখনৰ পৰা ৰাহু সিং আৰু কাৰ্তিক নামৰ তামিলনাডুৰ দুজন আটক কৰিছে ৷ আৰক্ষীয়ে সন্দেহ কৰা মতে ধৃত লোক কেইজন বন্যজন্তৰ আন্ত:ৰাষ্ট্ৰীয় সৰবৰাহকাৰীৰ সৈতে জড়িত ৷

আনহাতে ধৃত লোক কেইজনে বন্যপ্ৰাণী সমুহ থাইলেণ্ড আৰু ম্যানমাৰ পৰা সংগ্ৰহ কৰি মিজোৰাম সীমান্তৰ পৰা আনিছিল দক্ষিণ ভাৰতলৈ নিবলৈ ৷এই কথা জেৰাত সদৰি কৰে দুয়ো বন্যপ্ৰেমী সৰবৰাহকাৰীয়ে ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে অব্যাহত ৰাখিছে জেৰা ৷

Exit mobile version