Make in India : মেক ইন ইণ্ডিয়াৰ ফলত ভাৰতীয় সেনাত অস্ত্রৰ নাটনি !

army

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) স্বপ্নৰ প্রকল্প মেড ইন ইণ্ডিয়াৰ ফলত প্রতিৰক্ষা ক্ষেত্রত ব্যাপক ক্ষতিৰ সন্মুখীন হ’ব পাৰে ভাৰত । মার্কিন সংস্থা ব্লুমবার্গৰ এটা প্ৰতিবেদনত কোৱা হৈছে, কে’বাটাও গুৰুত্বপূর্ণ অস্ত্র-শস্ত্র পুৰণি হৈ গৈছে যদিও বিদেশৰ পৰা আমদানি কৰিব নোৱাৰিব ভাৰতীয় নিৰাপত্তা বাহিনীয়ে । ইয়াৰ ফলত ভাৰতৰ প্রতিৰক্ষা ব্যৱস্থা দুর্বল হৈ পৰিব পাৰে ।

নাম প্রকাশত অনিচ্ছুক প্রতিৰক্ষা বিভাগৰ এগৰাকী বিষয়াই জনাইছে, মাত্র চাৰি বছৰৰ ভিতৰত ভাৰতৰ হেলিকপ্টাৰৰ সংখ্যা বহু পৰিমাণে কমি যাব । কাৰণ পুৰণি হেলিকপ্টাৰবোৰ ব্যৱহাৰৰ অযোগ্য হৈ গৈছে যদিও নতুন আমদানি কৰিব নোৱাৰিব । ২০৩০ৰ ভিতৰত একেই অৱস্থা হ’ব ভাৰতীয় যুদ্ধবিমানৰো ।

সাম্প্রতিক কালত পাকিস্তান আৰু চীনৰ স’তে সীমান্তৱর্তী অঞ্চলত ভাৰতৰ সম্পর্ক বেয়া হৈছে । তাৰ প্ৰতি লক্ষ্য ৰাখি প্রতিৰক্ষা ব্যৰস্থা আৰু শক্তিশালী কৰা প্ৰয়োজন । কিন্তু মোদীৰ নীতি অনুসৰি চলিবৰৈ গৈ সেয়া একেবাৰেই সম্ভৱপৰ হৈ উঠা নাই ।

আৰু জানিব পৰা যায়, ২০৩০ৰ ভিতৰত ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ স্কোৱাড্র’নৰ সংখ্যা ৩০ৰো তলত নামি যাব । চীন আৰু পাকিস্তানৰ মোকাবিলা কৰিবলৈ অতি গুৰুত্বপূর্ণ ভূমিকা লয় ভাৰতীয় বায়ুসেনাৰ ফাইটাৰ জেটবোৰ । কিন্তু আগন্তুক আঠ বছৰত প্রায় ছটা ফাইটাৰ স্কোৱাড্র’ন বাতিল কৰি দিবলৈ বাধ্য হ’ব বায়ুসেনা ।

২০১৪ত মেক ইন ইণ্ডিয়া প্রকল্প (Make in India) ঘোষণা কৰি মোদীয়ে জনাইছিল, এইবাৰ সমস্ত সামগ্ৰীয়েই ভাৰতত প্ৰস্তুত কৰা হ’ব । বিদেশৰ প্রতি নির্ভৰতা কমাবলৈ আৰু দেশবাসীৰ বাবে কর্মসংস্থাপন বৃদ্ধি কৰিবৰ বাবে এই প্রকল্প প্ৰস্তুত কৰা হৈছিল । নিয়ম অনুযায়ী, প্রতিটো পণ্য উৎপাদন কৰিবলৈ ৩০-৬০ শতাংশ দেশীয় সামগ্ৰী ব্যৱহাৰ কৰিব লাগিব । সেয়ে প্ৰয়োজন হ’লেও বিদেশৰ পৰা যুদ্ধাস্ত্র আমদানি কৰিব নোৱাৰিব ।

ভাৰতৰ প্রতিৰক্ষা বিভাগে এই সমস্যাৰ কেনেদৰে সমাধান কৰিব, তাক লৈ প্রশ্ন উত্থাপিত হৈছে । এই প্ৰতিবেদন প্রকাশ্যত অহাৰ পাছত অৱশ্যে কেন্দ্রৰ কোনো প্রতিক্রিয়া পোৱা নাই ।

Exit mobile version