DIAMOND LEAGUE ডাইমণ্ড লীগ ট্ৰফী জয় কৰি ইতিহাস ৰচিলে নীৰজ চোপ্ৰাই

WhatsApp Image 2022 09 09 at 17.53.13

INTERNATIONAL আন্ত:জাৰ্তিক প্ৰেক্ষাপটত পুনৰ জিলিকিল জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰা । ইতিহাস সৃষ্টি কৰি নীৰজ চোপ্ৰাই ডাইমণ্ড লীগ ট্ৰফী দখল কৰা প্ৰথমজন ভাৰতীয় হিচাপে পৰিগণিত হ’ল । বৃহস্পতিবাৰে চুইজাৰলেণ্ডত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগ ২০২২ ৰ জেভেলিন থ্ৰ’ প্ৰতিযোগিতাত ভাৰতীয় ষ্টাৰ খেলুৱৈ গৰাকীয়ে প্ৰথম ৰাউণ্ডত ফাউলেৰে আৰম্ভ কৰিছিল যদিও দ্বিতীয় প্ৰচেষ্টাত ৮৮.৪৪ মিটাৰ দলিয়াই অভিলেখ সৃষ্টি কৰি বিজয়ীৰ মুকুট পৰিধান কৰে ।

যোৱা বৰ্ষৰ ৭ আগষ্টত টকিঅ’ অলিম্পিকত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰাৰ পিছতে পুনৰ আন এক সন্মানীয় প্ৰতিযোগিতাত স্বৰ্ণ জয় কৰি নিজৰ স্তিতপ্ৰজ্ঞতাক প্ৰমাণ কৰে খেলুৱৈ গৰাকীয়ে । উল্লেখযোগ্য যে, চোপ্ৰাই চলিত চিজনত মুঠ ছয়বাৰ ৮৮ মিটাৰ অধিক থ্ৰ’ কৰি নিজৰ দমনীয় প্ৰদৰ্শন অব্যাহত ৰাখিছে ।

Exit mobile version