IMPRISONED কাৰাবন্দী শিৱসেনা নেতা সঞ্জয় ৰাউতক সাক্ষাৎৰ বাবে কাৰাগাৰ কৰ্তৃপক্ষৰ পৰা বিচাৰে অনুমতি

কিন্ত নাপালে অনুমতি

WhatsApp Image 2022 09 09 at 14.40.50

SHIV SENAশিৱসেনাৰ সভাপতি উদ্ধৱ থাকৰে কাৰাগাৰত থকা দলৰ সাংসদ সঞ্জয় ৰাউতক সাক্ষাৎৰ বাবে আগ্ৰহী বুলি কৰ্তৃপক্ষক অৱগত কৰে ৷কিন্ত কাৰাগাৰ কতৃৰ্পক্ষই সাক্ষাৎৰ অনুমতি নিদিলে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীজনক আদালতৰ অনুমোদন পত্ৰ আনিলেহে সাক্ষাৎ পাব বুলি কাৰাগাৰৰ এজন জ্যেষ্ঠ বিষয়াই জনায় । ৰাউতক মুম্বাইৰ ফ্লেট পুনৰ্বিকাশত অনিয়মৰ অভিযোগৰ সৈতে সম্পৰ্কিত ধন ৰপ্তানিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল। তেওঁ বৰ্তমান মধ্য মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ আছে।

উল্লেখ্য যে ,আৰ্থাৰ ৰোড কাৰাগাৰৰ এজন জ্যেষ্ঠ বিষয়াৰ জানিব দিয়া মতে , কেইদিনমান পূৰ্বে থাকৰেৰ প্ৰতিনিধি বুলি দাবী কৰা কোনো এজন লোকি কাৰাগাৰ প্ৰশাসনক ফোন কৰিছিল। ফোনযোগে কোৱা হৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে তেওঁৰ ঘনিষ্ঠ সহযোগী ৰাউতক লগ কৰিব বিচাৰিছে। অৱশ্যে, কাৰাগাৰ কৰ্তৃপক্ষই থাকৰেক ৰাউতক লগ কৰিবলৈ অনুমতি নিদিলে আৰু তেওঁৰ প্ৰতিনিধিক ইয়াৰ বাবে আদালতৰ অনুমোদন বিচাৰিবলৈ কয়।

আনহাতে কাৰাগাৰৰ বিষয়া জনে এইবুলিও স্পষ্ট কৰি দিয়ে যে, ৰাউতৰ সৈতে যিকোনো সাক্ষাৎ সাধাৰণ বন্দীসকলৰ বাবে কৰা নিয়ম অনুসৰি হ’ব আৰু ইয়াৰ বাবে আদালতৰ অনুমোদন ল’ব লাগিব । কাৰাগাৰ কৰ্তৃপক্ষই ইয়াৰ বাবে কোনো লিখিত আবেদন লাভ কৰা নাই। তেওঁ অৱশ্যে ফোন কৰা ব্যক্তিজনৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে৷

স্মতৰ্ৱ্য যে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউতে আজি এটা বিশেষ পিএমএলএ আদালতত ধন ৰপ্তানিৰ গোচৰত জামিন বিচাৰি আবেদন কৰিছিল। সঞ্জয় ৰাউত বৰ্তমান ১৯ ছেপ্টেম্বৰলৈকে ন্যায়িক জিম্মাত থাকিব । ৰাউত পাত্ৰ চাওল ভূমি কেলেংকাৰী সম্পৰ্কীয় এটা ধন ৰপ্তানিৰ গোচৰত জড়িত হৈ আছিল । পাত্ৰ চাওল ভূমি কেলেংকাৰী ২০০৭ চনত আৰম্ভ হৈছিল, য’ত মুঠ ১০৩৪ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উদ্থাপিত হৈছিল ৷

Exit mobile version