ইতি পৰিব হানি সিঙৰ ২০ বছৰীয়া দাম্পত্য জীৱন 

article l 20182468022728947000

অৱশেষত দীৰ্ঘদিনৰ বিবাদৰ অন্তত অৱসান হ’বলৈ আগবাঢ়িছে হানি সিঙৰ বৈবাহিক জীৱনৰ এক অধ্যায় । যোৱা ৯ ছেপ্টেম্বৰত ২০ ,বছৰীয়া দাম্পত্য জীৱনৰ আনুষ্ঠানিক ইতি পৰাৰ পৰ্যায় আৰম্ভ হ’ল ।

ইতিমধ্যে এই বিচ্ছেদৰ বাবে জনপ্ৰিয় গায়কজনে পত্নী শালিনী তলওয়াৰক ভৰণ-পোষণৰ বাবদ বৰ্তমান এক কোটি টকা দিবলগীয়া হৈছে । ২০২১ চনতে পত্নী শালিনীয়ে গায়কগৰাকীৰ বিৰুদ্ধে গাৰ্হস্থ্য হিংসাৰ অভিযোগ আনিছিল । বিভিন্ন সময়ত পত্নী শালিনীক গায়কজনে শাৰীৰিক আৰু মানসিকভাৱে নিৰ্যাতন দি আহিছিল বুলি উল্লেখ কৰাৰ লগতে ২০ কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰিছিল ।

অৱশ্যে গায়কজনে এই সকলো অভিযোগ মিছা আখ্যা দিছিল যদিও ৮ ছেপ্টেম্বৰ বৃহস্পতি বাৰে দিল্লীৰ সাকেত আদালতৰ বিচাৰত দুয়োজনৰ মাজত বিবাহ বিচ্ছেদৰ আনুষ্ঠানিকতা ৰক্ষা কৰি পত্নী শালিনীৰ হাতত এক কোটি টকাৰ চেক তুলি দিয়ে । বিবাহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে যদিও পৰৱৰ্তী অৰ্থাৎ চূড়ান্ত ৰায়দান ২০২৩ চনৰ ২০ মাৰ্চত প্ৰদান কৰিব ।

Exit mobile version