নিৰাপত্তাহীনতাত মহানগৰৰৰ সাংবাদিক

সাংবাদিকৰ সুৰক্ষা নিশ্চিত কৰাৰ দাবীত প্ৰেছ ক্লাৱত সাংবাদিকৰ উত্তাল প্ৰতিবাদ

WhatsApp Image 2022 09 10 at 15.35.11

মহানগৰীত কৰ্মৰত সাংবাদিক কিমান সুৰক্ষিত ৷ নিৰাপত্তাহীন হৈ পৰিছে সাংবাদিক ৷ বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক প্ৰহাৰ কৰাৰ দৰে ঘটনা বিৰুদ্ধে আজি প্ৰেছ ক্লাৱৰ সন্মুখত শতাধিক সাংবাদিক এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে ৷ উপস্থিত সাংবাদিক সকলে সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰা আৰু সাংবাদিকক আক্ৰমণ কৰা দুৰ্বৃত্তক শীৰ্ঘে গ্ৰেপ্তাৰৰ দাবী কৰে ৷

উল্লেখ্য যে ৭ ছেপ্টেম্বৰৰ নিশা অসমীয়া প্ৰতিদিনৰ সাংবাদিক বনজিৎ ঠাকুৰীয়াই গুৱাহাটী কমাৰ্চ কলেজৰ ওচৰত সংঘটিত হোৱা এক অগ্নিকাণ্ডৰ বাতৰি সংগ্ৰহ কৰিব গৈছিল ৷বাতৰি সংগ্ৰহ কৰিব গৈ দুৰ্বৃত্তৰ আক্ৰমণৰ সন্মুখীন হয় বনজিং ৷ পিছত সাংবাদিক গৰাকীয়ে চান্দমাৰী আৰক্ষী থানাত উপস্থিত হৈ এজাহাৰ দাখিল কৰে যদিও আৰক্ষীৰ ভূমিকা ৰহস্যজনক বুলি উল্লেখ কৰে সাংবাদিকজনে ৷ আনহাতে আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তিনিজনক আটক কৰে যদিও জামিনত মুকলি কৰি দিয়ে ৷ আনহাতে আটকাধীন যুৱকত্ৰয়ে দিয়া এজাহাৰৰ ভিত্তিত সাংবাদিক বনজিৎ ঠাকুৰিয়াকহে আটক কৰে ৷ উল্লেখ্য যে চান্দমাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈৰ পক্ষপাতিত্বমুলক আচৰণক ক্ষোভিত হৈ পৰে মহানগৰৰ সাংবাদিক ৷

সাংবাদিকৰ বাক্ স্বাধীনতা আৰু মৌলিক অধিকাৰ খৰ্ব কৰা চান্দমাৰী থানাৰ অ’চিৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ শনিবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত মহানগৰৰ সকলো জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিক একত্ৰিত হৈ মুখত কলা কাপোৰ বান্ধি চানমাৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া টিংকুমণি বৰদলৈৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷ বিষয়াজনৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰ দাবীত হাতত প্লেকাৰ্ড প্ৰদৰ্শনেৰে বিভিন্ন শ্ল’গানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে সাংবাদিক সকলে ৷

গুৱাহাটী প্ৰেছ ক্লাৱৰ আহ্বানত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইন, দিলীপ চন্দন,প্ৰণয় বৰদলৈ,জীতেন্দ্ৰ চৌধুৰী,প্ৰকাশ মহন্ত, অচ্যুত পাটোৱাৰী ,চেমিম চুলতানা আহমেদ,প্ৰাণজিৎ শইকীয়া সহ বহু কেইগৰাকী জ্যেষ্ঠ সাংবাদিকে অংশগ্ৰহণ কৰে ৷

Exit mobile version