BOAT CAPSIZE শান্ত সমুদ্রত হঠাৎ তিমিৰ খুণ্ডা ২৮ ফুটৰ নাৱত !

সলিল সমাধি পাঁচজনৰ

WhatsApp Image 2022 09 10 at 19.46.04 1

NEW ZEALAND নিউজিলেণ্ডত শান্ত সমুদ্রত ডুব গ’ল এখন নাও । সন্দেহ, অতিকায় তিমিৰ খুণ্ডাত নিয়ন্ত্রণ হেৰুৱাই উলোটি যায় ২৮ ফুটৰ চার্টার্ড ব’টটো । পানীত ডুবি মৃত্যু হৈছে পাঁচজনৰ । ছয় জনক উদ্ধাৰ কৰি হাস্পাতালত প্ৰেৰণ কৰা হৈছে । নিউজিলেণ্ডৰ দ্বীপচহৰ কাইকউৰাত ২৮ ফুটৰ এখন চার্টার্ড ব’টত সমুদ্রত নামিছিল ১১ জন । শান্ত সমুদ্রত নাও চলি আছিল । হঠাৎ কঁপি উঠে বোট। তাৰ পাছত নাওখন উলোটি যায় ।

আৰক্ষী ডুবাৰু দ্রুত পানীত নামি উদ্ধাৰকাৰ্য আৰম্ভ কৰে । পাঁচজনৰ মৃতদেহ উদ্ধাৰ হয় । ছয়জনক হাস্পাতাললৈ প্ৰেৰণ কৰা হৈছে । তেওঁলোকৰ ভিতৰত এজনৰ অৱস্থাৰ অৱনতি ঘটাত তেওঁক ক্রাইষ্টচার্চৰ হাস্পাতালত স্থানান্তৰিত কৰা হৈছে ।

আৰক্ষী আৰু বিশেষজ্ঞসকলৰ অনুমান, সম্ভৱত এটা অতিকায় তিমিয়ে নাওখনত খুণ্ডা মাৰে । পানী শান্ত হ’লেও তিমিৰ খুণ্ডা সহন কৰিব নোৱাৰে ২৮ ফুটৰ নাওখন । ফলত উলোটা হৈ যায় । ঘটনাটো সংঘটিত হোঠা ঠাইডোখৰত হাম্পবেক তিমিয়ে অহা-যোৱা কৰে বুলি জনাইছে কাইকউৰাৰ মেয়ৰ ক্রেগ মেকলে । অৱশ্যে ইয়াৰ পূৰ্বে এনে ঘটনাৰ কথা শুনা নাই বুলিও তেওঁ জনাইছে ।

কাইকউৰাত সমুদ্র অত্যন্ত গভীৰ । সেয়ে এই অঞ্চলত তিমি, ডলফিন দেখিবলৈ পোৱা যায় । তাকে চাবলৈ প্রতি বছৰেই বহু পর্যটক আহে । অৱশ্যে প্ৰত্যক্ষভাৱে নাৱত খুণ্ডা মৰাৰ দৰে ঘটনা পূৰ্বে কেতিয়াও ঘটা নাই বুলি কয় স্থানীয়সকলে । যদিও সেই সম্ভাৱনা যে নাই বুলি ক’ব নোৱাৰি বুলিও কয় তেওঁলোকে ।

Exit mobile version