NAGAON ৰহস্যময় সুগন্ধিক লৈ চৰম কৌতুহল

নগাঁৱৰ শিয়ালমাৰীত এটা স্থানৰ পৰা নিৰ্গত হৈছে সুগন্ধ

WhatsApp Image 2022 09 10 at 18.28.06

NAGAON নগাঁও চহৰৰ পাৰ্শ্বৱৰ্তী শিয়ালমাৰীৰ এডোখৰ ভূমিৰ এটা নিৰ্দিষ্ট স্থানৰ পৰা এক ৰহস্যময় সুগন্ধি বিয়পাক কেন্দ্ৰ কৰি ৰাইজৰ মাজত কৌতুহলৰ সৃষ্টি হৈছে ।যোৱা দুমাহ ধৰি সেই স্থানৰ পৰা এক সুগন্ধি চৌদিশে বিয়পি আছে বুলি স্থানীয় ৰাইজে প্ৰকাশ কৰিছে ।

নুৰুল আমিন নামৰ শিয়ালমাৰীৰ এগৰাকী ব্যক্তিৰ এডোখৰ ভূমিৰ এটা নিৰ্দিষ্ট স্থানৰ পৰা এই সুগন্ধি ওলোৱা বুলি স্থানীয় একাংশ যুৱক নিশ্চিত হোৱাত আজি তেওঁলোকে মাটিডোখৰ খন্দায় যদিও খান্দিলে বেছিকৈহে এই সুগন্ধি ওলায় ৷ ইয়াকে কেন্দ্ৰ কৰি অঞ্চলটোৰ ৰাইজ আতংকিত হৈ পৰে ।

ইপিনে, আজি সুগন্ধিৰ উৎস আৰু স্থান চাবলৈ পুৱাৰে পৰা শতাধিক লোকে ভীৰ কৰে সেই স্থানত । একাংশ অন্ধবিশ্বাসী, কুসংস্কাৰী লোকে এয়া এক অলৌকিক আৰু ঐশ্বৰিক শক্তি বুলি প্ৰচাৰ চলোৱাও পৰিলক্ষিত হৈছে ।

এই সন্দৰ্ভত ভূমিডোখৰৰ গৰাকীয়ে ইতিমধ্যে প্ৰশাসনক অৱগত কৰিছে । ভূমিৰ তলৰ পৰা ৰাসায়নিক ক্ৰিয়াৰ ফলত গেছ নিৰ্গত হোৱা হেতুকেই প্ৰাথমিকভাৱে এনে সুগন্ধি ওলাই থকা বুলি সন্দেহ কৰা হৈছে ।

Exit mobile version