পূজাৰ অগা-পিছাকৈ ঘোষণা হ’ব ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

WhatsApp Image 2022 09 11 at 17.55.49

ৰাজ্যত ২৬ হাজাৰ নিযুক্তি প্ৰক্ৰিয়া বিতৰ্ক চলি থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে যে ,শীঘ্ৰেই ২৬ হাজাৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব । অৰ্থাৎ মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি দুৰ্গা পূজাৰ আগত আৰু পূজাৰ পিছত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হ’ব ।

সমান্তৰালকৈ মুখ্যমন্ত্ৰীয়ে এইবুলিও আক্ষেপ কৰে যে, ৰাজ্যৰ আঠ লাখ যুৱক-যুৱতীৰ ভৱিষ্যত জড়িত হৈ থকা এই নিযুক্তি পৰীক্ষাত বহুকেইটা সংবাদ মাধ্যম আৰু দল-সংগঠনে অসম চৰকাৰৰ ১ লাখ নিযুক্তি হোৱাটো নিবিচাৰে বুলি উল্লেখ কৰি এই নিযুক্তিত কোনো মুকেশ আম্বানীৰ ল’ৰা-ছোৱালীয়ে চাকৰি নাপাই, গাঁৱত পকৰী বিক্ৰী কৰা ল’ৰা-ছোৱালীৰ ঘৰখনতহে পোহৰ পৰিব বুলি মন্তব্য কৰে ।

Exit mobile version