যুক্তৰাজ্যৰ ৰজা তৃতীয় চালৰ্ছৰ জ্যেষ্ঠ পুত্ৰ উইলিয়াম আৰু পত্নী কেট মিডলটনক প্ৰিন্স আৰু প্ৰিন্সেছ অৱ ওৱেলছ ঘোষণা কৰা হয় । উত্তৰাধিকাৰী সূত্ৰে ১৯৬৯ ,চনত লণ্ডনৰ ৱাকিংহাম পেলেছত ৰাণী দ্বিতীয় এলিজাবেথে নিজৰ জ্যেষ্ঠ পূত্ৰ চালৰ্ছক এই পদবীত আনুষ্ঠানিকভাৱে প্ৰদান কৰিছিল । ১৯৯৭ত দুয়োৰে বিবাহ বিচ্ছেদ হোৱা প্ৰিন্স চালৰ্ছ এই পদবীত আছিল প্ৰিন্সেছ অৱ ওৱেলছৰ পদবীটো খালী হৈ আছিল ।
উল্লেখযোগ্য যে যোৱা বৃহস্পতি বাৰে ৰাণী দ্বিতীয় এলিজাবেথৰ ৯৬ বছৰ বয়সত মৃত্যু হয় আৰু ইয়াৰপিছতে উত্তৰাধিকাৰী হিচাপে প্ৰিন্স চালৰ্ছে সিংহাসনৰ দায়িত্ব গ্ৰহণ কৰে । প্ৰিন্স চালৰ্ছ ৰজা হোৱাৰ পিছতে উত্তৰাধিকাৰী হিচাপে প্ৰিন্স উইলিয়াম আৰু কেট মিডলটনক প্ৰিন্স আৰু প্ৰিন্সেছ অৱ ওৱেলছ হিচাপে অধিষ্ঠিত কৰে ।
উত্তৰাধিকাৰী ক্ৰমতালিকাত অন্তৰ্ভুক্ত হোৱা প্ৰিন্স উইলিয়ামছৰ জন্ম হৈছিল ১৯৮২ চনত ইয়াৰ পিছতে এই পদবীত অধিষ্ঠিত হ’ব জৰ্জ উইলিয়ামছ। প্ৰিন্স চালৰ্ছ আৰু ডায়েনাৰ কনিষ্ঠ পুত্ৰ জৰ্জৰ জন্ম হৈছিল ২০১৩ চনত ।