মৰিগাঁৱত আনছাৰুল্লাহ বাংলা (এবিটি) জোটৰ দুই জেহাদী আটক

WhatsApp Image 2022 09 12 at 15.52.59

ৰাজ্যত জেহাদীৰ বিৰুদ্ধে আৰক্ষীৰ ব্যাপক অভিযান অব্যাহত থকাৰ মাজতে মৰিগাঁও আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি দেওবাৰে ৰাজ্যখনৰ আল-কায়দা নেতৃত্বাধীন আনছাৰুল্লাহ বাংলা (এবিটি) গোটৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত ‘ইমাম’ৰ ছদ্মবেশত থকা দুজন সন্দেহজনক লোকক গ্ৰেপ্তাৰ কৰে।

ADVERTISEMENT

মৰিগাঁৱৰ উপ-আৰক্ষী অধীক্ষকৰ নেতৃত্বত যোৱা অভিযানকাৰী দলটোৰ হাতত বন্দী হয় মৈৰাবাৰীৰ আক্ৰামুল হুছেইন আৰু মুছদ্দিক ইছলাম নামৰ দুই জেহাদীক ৷ উল্লেখ্য যে ধৃত দুই জেহাদীয়ে মৰিগাঁৱৰ মিলনপুৰ অঞ্চলত বাহৰ পাতি জেহাদী কাৰ্যকলাপ অব্যাহত ৰাখি প্ৰশিক্ষণ শিৱিৰ চলোৱাত জড়িত আছিল বুলি আৰক্ষী সূত্ৰই জানিব দিয়ে ৷ আটকাধীন জেহাদ দুটাৰ পৰা বহু আপত্তিজনক নথিপত্ৰ সহ সা- সামগ্ৰী জব্দ কৰি জেৰা অব্যাহত ৰাখিছে ৷

উল্লেখ্য যে অসম চৰকাৰে শেহতীয়াকৈ ৰাজ্যখনত থকা সকলো মাদ্ৰাছাৰ গতিবিধি জানিবৰ বাবে মাদ্ৰাছা পঞ্জীয়নৰ ৱেব পৰ্টেল খোলাৰ পদক্ষেপ লয়৷ পৰ্টেল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যত চলি থকা সকলো মাদ্ৰাছাৰৰ পঞ্জীয়ন,শিক্ষকৰ নাম,ঠিকনা সকলো বিৱৰণ আপলোড কৰাটো বাঞ্ছনীয় কৰে চৰকাৰে ৷ আনহাতে চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই চাৰি জুলাইত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ সৈতে কেইবা গৰাকী মুছলমান বিধায়ক আৰু ইছলামীক ধৰ্মীয় সংগঠনৰ প্ৰতিনিধিয়ে সৈতে এক আলোচনাত মিলিত হয় ৷

Exit mobile version