ASSAM LEGSILATIVE ASSEMBLY বিধানসভাত বিধায়কৰ শপত এতিয়াৰ পৰা নাখাও চাধা

সকলোৱে এৰক গুটকা

WhatsApp Image 2022 09 12 at 19.08.22

TODAY আজিৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হোৱা বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোত সদনত স্থান পালে চাধাৰ প্ৰসংগই ৷বিগত বিধানসভাত এজন মন্ত্ৰীয়ে গোপনে চাধা মাৰি থকা দৃশ্যই ব্যাপক চৰ্চা লাভ কৰাৰ পিছত আজি পুনৰ ওলাল চাধাৰ প্ৰসংগ । এই প্ৰসংগত ভাগ লৈ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই সদনত একপ্ৰকাৰ শপত খাই কৈয়ে পেলালে আজিৰ পৰা কেতিয়াও চাধা নোখোৱাৰ কথা ৷ আনহাতে নিজে চাধা এৰাৰ কথা ঘোষণা কৰাৰ মাজতে বহু কেইগৰাকী বিধায়কেও চাধা আৰু গুটকা খাই বুলি সদৰি কৰে ৷ অৱশ্যে বিধায়ক কেইজনৰ নাম কোৱাৰ পৰা বিৰত থাকে শইকীয়াই ৷

উল্লেখ্য যে ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা কৰ্কট ৰোগীৰ সংখ্যা উদ্বেগৰ বিষয় হৈ পৰিছে ৷ এনেক্ষেত্ৰত সকলোৱে চাধা- গুটকা এৰিব লাগে বুলি আহ্বান জনাই ৰসিকতাৰে গুটকাৰ বিৰুদ্ধে এই মজিয়াৰ পৰা আন্দোলনৰ আৰম্ভণি কৰাৰ কথা ঘোষণা কৰে খুমটাইৰ বিধায়ক গৰাকীয়ে ৷

Exit mobile version