CIBAR চাইবাৰ অপৰাধীৰ চক্ৰত অৱসৰপ্ৰাপ্ত অধ্যক্ষ

গ্ৰেপ্তাৰ ২১ বছৰীয়া যুৱক

WhatsApp Image 2022 09 12 at 20.14.45 1

সমগ্ৰ ৰাজ্যত চাইবাৰ অপৰাধী চক্ৰ সক্ৰিয় হৈ পৰিছে । চাইবাৰ অপৰাধীয়ে পেলোৱা জালত পৰিল এজন অৱসৰপ্ৰাপ্ত অধ্যক্ষ । তিতাবৰৰ গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা আন্তৰ্জাতিক খ্যাতিসম্পন্ন বৌদ্ধ পণ্ডিত ড° ললিত শ্যাম নামৰ শিক্ষাবিদ গৰাকীৰ একাউন্টৰ পৰা ১৬ লাখকৈ টকা লুট কৰি নিয়ে । অৱসৰৰ সাঁচতীয়া ধনৰাশি এনেকৈ হঠাৎ নোহোৱাকৈ হৈ যোৱাত অধ্যক্ষ গৰাকীয়ে তাৎক্ষণিকভাৱে তিতাবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

উল্লেখযোগ্য যে ,ড° শ্যাম বিগত কিছুদিন ধৰি শাৰীৰিক অসুস্থতাৰ বাবে ঘৰতে বিশ্ৰাম লৈ থকা অজুহাতত ধৃত অপৰাধীটোৱে এই ধন হৰলুকি কৰে । যোৱা ২২ আগষ্টত পাছবুক দুখন আপডেট কৰিবলৈ যাওঁতেহে অধ্যক্ষ গৰাকীয়ে এই ধন হৰলুকি কথা জানিব পাৰে । তথ্য অনুসৰি, অধ্যক্ষ গৰাকীৰ পঞ্জাৱ নেছনেল বেংকৰ তিতাবৰ শাখাৰ ০০২৯০১০১০৭ ৬৬৮ নম্বৰৰ একাউন্টৰ পৰা ১২ লাখ ৪০ হাজাৰ ১৮২ টকা বিগত বৰ্ষৰ ছেপ্টেম্বৰ মাহৰ ১৬ তাৰিখৰ পৰা ই-কম আৰু পে টি এম মাধ্যমৰ জৰিয়তে লুট কৰে । একেদৰে ষ্টেট বেংকৰ তিতাবৰ শাখাত থকা ৩০৩৯৪৯১৮৪১৬ নম্বৰৰ একাউন্টৰ পৰাও ৩ লাখ ৫৬ হাজাৰ ২৬৯ টকা হৰলুকি কৰে ।

এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষীয়ে চলোৱা অনুসন্ধানত অধ্যক্ষ গৰাকীৰ ঘৰৰ ওচৰৰে যুৱক নৱম শৰোত্ৰীয়ক গ্ৰেপ্তাৰ কৰে । ২১ বছৰীয়া এই যুৱকজনে অধ্যক্ষ গৰাকীৰ অসুস্থতাৰ সুযোগ গ্ৰহণ কৰি সংগ দিয়াৰ চলেৰে অতি কৌশলেৰে বেংকৰ সকলো তথ্য চুৰি অনলাইন যোগে এই বৃহৎ অংকৰ ধনৰাশি লুট কৰিবলৈ সক্ষম হয় । মুঠ ১৫ দিনীয়া এই অনুসন্ধানত জালিয়াতিৰ আশ্ৰয় লোৱা যুৱকজনক লাচিত নগৰৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে ইতিমধ্যে ১২৩/২২ নম্বৰত ললিত শ্যামৰ গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ৪১৭/৪২০ ধাৰাত দোষী সাব্যস্ত কৰি অপৰাধী যুৱকজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ।

Exit mobile version