উত্তৰ প্রদেশৰ আকাশত ইউএফঅ’ ? সামাজিক মাধ্যমত ভাইৰেল ছবি আৰু ভিডিঅ’

starlink up

সোমবাৰে মধ্য উত্তৰ প্রদেশৰ কিছুসংখ্যক জিলাত সন্ধিয়াৰ পৰা নিশা পর্যন্ত আকাশত অদ্ভুত পোহৰ দেখা যায় । তাক লৈয়েই ভিনগ্রহীৰ ইউএফঅ’ৰ বাতৰি বিয়পি পৰে । কে’বাটাও সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুযায়ী, এইটো ষ্টাৰলিংক ছেটেলাইট ।

পৃথিৱীত এলিয়েন আহে নে নাই, তাক লৈ জল্পনাৰ অন্ত নাই । অৱশ্যে এতিয়াও ইয়াৰ কোনো সঠিক প্রমাণ পোৱা নাই । সোমবাৰে মধ্য উত্তৰ প্রদেশৰ কিছুসংখ্যক জিলাযত সন্ধিয়াৰ পৰা নিশা পর্যন্ত আকাশত অদ্ভুত পোহৰ দেখা যায় । তাক লৈয়েই বিভিন্ন খবৰ বিয়পি পৰে । অনেকেই সেইটো ভিনগ্রহীৰ ইউএফঅ’ বুলি অনুমান কৰে ।

আনহাতে, সংবাদ মাধ্যমৰ অনুযায়ী, এইটো ষ্টাৰলিংক ছেটেলাইট । বিশ্বৰ ধনাঢ্য ব্যক্তি ইলন মাস্কৰ সংস্থাৰ কৃত্রিম উপগ্রহ এইটো । প্রত্যক্ষদর্শীসকলৰ অনেকে দাবী কৰিছে, ৰেলৰ দৰে এটা শাৰীৰ আকাৰত লাহে লাহে এই পোহৰ গৈ আছিল । কিছুসময় পাছত আকাশৰ পৰা অদৃশ্য হৈ যায় ।

এইক্ষেত্রত জনাই থোৱা উচিত, যোৱা ফেব্রুৱাৰীত পঞ্জাৱতো এনে পোহৰ দেখিবলৈ পোৱা গৈছিল । পাছত বিভিন্ন প্ৰতিবেদনত জানিব পৰা যায় যে, সেইবোৰ ষ্টাৰলিংক ছেটেলাইটৰ পোহৰ । এইবাৰো সেয়া হোৱাৰেই সম্ভাৱনা আছে । ষ্টাৰলিংকৰ ছেটেলাইটৰ এনে ছবি সামাজিক মাধ্যমত প্রায়েই দেখা যায় । সেয়ে ইয়ক লৈ অযথা জল্পনা কৰিবলগীয়া একো নাই ।

ষ্টাৰলিংক ছেটেলাইট কি ?

ষ্টাৰলিংক ইলন মাস্কৰ সংস্থা । ইয়াৰ মাধ্যমত বিশ্বজুৰি ছেটেলাইটৰ এটা অবিচ্ছেদ্য নেটৱর্ক গঢ়ি তুলিব বিচাৰিছে ইলনে । সেইটো ব্যৱহাৰ কৰি সমগ্ৰ বিশ্বত ইন্টাৰনেট দিয়াৰ পৰিকল্পনা তেওঁৰ । এই কাৰ্যৰ বাবে ষ্টাৰলিংক মহাকাশত বহু ছেটেলাইট প্ৰেৰণ কৰি আছে । ভৱিষ্যতে বিহু ছেটেলাইট প্ৰেৰণ কৰাৰ পৰিকল্পনা আছে ।

সামাজিক মাধ্যমত প্রচুৰ ছবি আৰু ভিডিঅ’

সোমবাৰে উত্তৰ প্রদেশৰ এই পোহৰৰ ভিডিঅ’ও কৰিছে অনেকে । গভীৰ নিশা বহু প্ৰকাৰৰ ভিডিঅ’ ভাইৰেল হয় । পালি চহৰৰ বাসিন্দা অমিত কুমাৰে জনায়, তেওঁ ঘৰৰ কাষৰ পথেৰে আহিছিল । হঠাৎ এদল শিশুৱে আকাশৰ ফালে চাই কথা কথা পাতি আছিল । আকাশৰ ফালে চাই তেওঁ অবাক হৈ যায় । দেখে এটা বগা পোহৰ শাৰী জ্বলিছে আৰু নুমাইছে । লগে লগে ম’বাইল ওলিয়াই ভিডিঅ’ কৰা আৰম্ভ কৰে । অৱশ্যে মাত্র ন ছেকেণ্ডৰ ভিডিঅ’ কৰিব পাৰিছে । কাৰণ তাৰ পাছত পোহৰটো নুমাই গৈছিল । তেওঁ বিষয়টো অঞ্চলৰ অন্য লোকক জনায় । ভিডিঅ’ও দেখায় ।

নাছা আৰু ইছৰ’কো টুইট কৰা হৈছে

অনেকেই ছ’চিয়েল মিডিয়াত ছবি আৰু ভিডিঅ’ প’ষ্ট কৰে । প’ষ্টবোৰ নাছা আৰু ইছৰ’ক টেগ কৰে তেওঁলোকে । তেওঁলোকে জনাব বিচাৰে যে এইটো কিহৰ পোহৰ । সম্ভৱত ষ্টাৰলিংক ছেটেলাইটৰেই পোহৰ এইবোৰ । অৱশ্যে এই বিষয়ত নিশ্চিত হ’ব বিচাৰিছে কৌতূহলী প্রত্যক্ষদর্শীসকলে ।

Exit mobile version