BED WEATHER অহা ৪ দিনত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ঠাইত প্ৰৱল বৃষ্টিপাত, ধুমুহা আৰু বিজুলী অহাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। ইফালে ২৪ ঘন্টাত অসমৰ লগতে ছিকিম, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠায়ে প্ৰৱল বৰষুণ হোৱাৰ লগতে বিজুলী-ধেৰেকনি আৰু প্ৰায় ৩০-৪০ কিলোমিটাৰ গতিবেগত ধুমুহা অহাৰো অনুমান কৰিছে ।
আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডা: সঞ্জয় অ’নিল শ্ব’ই সদৰী কৰা মতে, গুৱাহাটীৰ লগতে দাঁতি কাষৰীয়া বহুকেইটা অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে মৃদু ধুমুহা অহাৰ সম্ভাৱনা আছে । উল্লেখযোগ্য যে, সোমবাৰে নিশাৰ পৰা মহানগৰত অহা প্ৰৱল বৰষুণত ৰুক্মিণী নগৰ, হাতীগাঁও, বেলতলা, ভঙাগড় , তৰুণ নগৰ আদি বিভিন্ন অঞ্চল কৃত্ৰিম বানপানীৰ কৱলত পৰাৰ লগতে আজিৰ দিনটোত ঠায়ে ঠায়ে পাতল বৰষুণ আৰু মৃদু বতাহ অহা পৰিলক্ষিত হৈছে।