BROKERদালালৰ বিৰুদ্ধে অসম আৰক্ষীৰ মাৰাথন অভিযান

ধুবুৰী ডিটিঅ কাৰ্যালয়ত আটক দালাল

WhatsApp Image 2022 09 13 at 15.11.02

DISPURদিছপুৰৰ বৰবাৰীৰ এটা লজৰ পৰা জলসম্পদত চাকৰি দিয়াৰ নামত দালালি কৰা সাতজনকৈ লোকক আৰক্ষীয়ে আটক কৰাৰ পিছত আজি ধুবুৰী পৰিবহণ বিষয়াৰ কাৰ্যালয়ত ৰাইজে কৰায়ত্ব কৰে এজন দালালক ৷ ড্ৰাইভিং লাইচেন্স বনাই দিয়াৰ নামত এজন যুৱকৰ কৰাৰ দাবী কৰিছিল তেৰ হাজাৰকৈ টকা ৷ জাহিদুল ইছলাম নামক যুৱকজনৰ পৰা টকা বিচৰা ডিটিঅ অফিচৰ দালাল আব্দুল ওৱাচিম আলফাৰুকক পিছত ৰাইজে হাতে লোটে ধৰি আৰক্ষীক গতাই দিয়ে ৷

উল্লেখ্য যে আটকাধীন আব্দুল নামৰ দালাল টোৱে ধুবুৰী পৰিবহন কাৰ্যালয়ত ড্ৰাইভিং লাইচেন্স উলিয়াই দিয়াৰ নামত বহু যুৱকৰ পৰা বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ উদ্থাপিত হৈছিল ৷ আৰক্ষীয়ে দালালটোক কাৰ্যালয় চৌহদৰ পৰা চোচৰাই বাইকত উঠাই লৈ যায় ৷

Exit mobile version