DELICIOUS FRUIT AMARA সুস্বাদু ফল অমৰাৰ উপকাৰী গুণৰ বিষয়ে জানিবলৈ পঢ়ক

AMP6

ASSAM অসমৰ জলবায়ুত প্ৰচুৰ পৰিমাণে উৎপাদন হোৱা এবিধ স্বাস্থ্য বৰ্ধক ফল হৈছে অমৰা । পুষ্টি গুণেৰে ভৰপূৰ অমৰাৰ লগত কোনো ফলৰে তুলনা নহয় । সাধাৰণতে সকলো সময়তে উপলব্ধ হোৱা অমৰা মানুহৰ শৰীৰৰ বাবে অতিকৈ উপকাৰী । প্ৰচুৰ পৰিমাণে ভিটামিন চি,আয়ৰণ, কেলচিয়াম আৰু আহঁযুক্ত অমৰা কেঁচাকৈ খোৱাৰ উপৰিও তৰকাৰী বনাইও খাৱ পাৰি । গতিকে আজি আমি অমৰাৰ ঔষধি গুণৰ বিষয়ে কিছু কথা আলোচনা কৰিম ।
১/ অমৰাত থকা আইৰণে মানুহৰ ৰক্তহীনতাৰ দৰে গুৰুতৰ ৰোগ নিৰাময়ত সহায় কৰে । ই হিম’গ্লবিনৰ মাত্ৰা বৃদ্ধি কৰি তেজৰ নতুন কোষ গঠন কৰে ।
২/ অমৰাত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে । যি মানুহৰ ছাল মসৃণ কৰি উজ্জ্বল কৰি ৰাখে ।
৩/ অমৰাই সাধৰণ বেমাৰ যেনেকৈ কাহ ,পানীলগা , ইনফ্লুয়েঞ্জাৰ দৰে ৰোগো নিৰাময় কৰাত সহায় কৰে ।
৪/ অমৰাত থকা আহেঁ মানুহৰ পেট চাফা কৰাৰ লগতে হজমী শক্তি বৃদ্ধি কৰি কোষ্ঠকাঠিন্য দূৰ কৰে ।
৫/ অমৰাত পৰ্যাপ্ত পৰিমাণে কেলচিয়াম আছে । যি শিশুৰ দৈহিক গঠনত সহায় কৰে ।
৬/ অমৰাত প্ৰচুৰ এণ্টিঅক্সিডেণ্ট থাকে । যি কলেষ্টেৰলৰ মাত্ৰা কম কৰি হৃদৰোগৰ দৰে মাৰাত্মক ৰোগৰ পৰা ৰক্ষা কৰিব পাৰে ।

Exit mobile version