DURGOTSAV দূৰ্গোৎসৱৰ পিছতেই অসমত উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। দুই নেতাই মহানগৰীৰ বশিষ্টৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথন নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা অসম প্ৰদেশ বিজেপিৰ ৰাজ্যিক কাৰ্যালয় ভৱনটি শুভ উদ্বোধন কৰিব ৷
ADVERTISEMENT
গৃহমন্ত্ৰী গৰাকীয়ে বশিষ্ট কাৰ্য্যসূচীৰ পিছতে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ এখন বিশাল দলীয় সভাতো ভাগ ল’ব ৷আনহাতে গৃহমন্ত্ৰীৰ সৈতে আহিবলগীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই খানাপাৰাৰ দলীয় সভাৰ লগতে এক কৰ্মী সভাত অংশ ল’ব ৷ গৃহমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিৰ আগমনক লৈ অসম বিজেপিয়ে ব্যাপক তৎপৰ হৈ পৰিছে ৷