GANJA কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্তত ৯২৭ কিলোগ্ৰাম গাঞ্জা জব্দ

আৰক্ষীৰ বেহু ভাঙি পলাই যোৱাৰ চেষ্টা ট্ৰাকৰ

WhatsApp Image 2022 09 13 at 14.24.58

KARIMGANJ কৰিমগঞ্জৰ অসম-ত্ৰিপুৰা সীমান্ত এতিয়া চোৰাং সৰবৰাহকাৰীৰ বাবে এক কৰিডৰত পৰিণত হৈছে ৷ইটোৰ পিছত সিটো গাঞ্জা সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰাৰ পিছতো ক্ষান্ত হোৱা নাই ড্ৰাগছ পেডেলাৰ ৷ ইয়াৰ বিপৰীতে চোৰাং কাৰবাৰীৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ স্থিতি অব্যাহত থকাৰ মাজতে অসম-ত্ৰিপুৰা সীমান্তৰ চুৰাইবাৰীত এখন ট্ৰাকৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয় ৷

এম এল ০১-এএ-৯৪৯৭৬ নম্বৰৰৰ ট্ৰাক এখনে আৰক্ষীৰ বেৰিকেড ভাঙি পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষীৰ দলে খেদি খেদি গৈ কৰায়ত্ব কৰে ৷ জব্দকৃত ট্ৰাকখনৰ ইঞ্জিনৰ পৰা প্ৰায় ৯২৭ কিলোগ্ৰাম ওজনৰ গাঞ্জা উদ্ধাৰ কৰে ৷ লগতে আটক কৰে ট্ৰাক খনৰ চালক সহ দুজনক ৷ উল্লেখ্য যে চুৰাইবাৰী নিয়মীয়া তালাচী চকীত তিনিদিন পূৰ্বে দুই কোটি মূল্যৰ এঘাৰশ কেজি গাঞ্জা জব্দ হৈছিল ৷ একেদৰে দুসপ্তাহ পূৰ্বে জব্দ হৈছিল ৪৭২৮ কেজি গাঞ্জা ৷

Exit mobile version