HOWLY হাউলীত অবৈধ দোকান উচ্ছেদ

WhatsApp Image 2022 09 13 at 18.42.03

HOWLYহাউলীত আজি বৰপেটা জিলা প্ৰশাসনৰ উদ‍্যোগত আৰু হাউলী পৌৰসভাৰ সহযোগত বুলড’জাৰ চলায় কে’বাখনো অবৈধ দোকান উচ্ছেদ কৰে । হাউলী পৌৰসভাৰ অন্তৰ্গত অঞ্চলত থকা অবৈধ দোকানসমূহক কেইদিনমান আগতে জাননী জাৰি কৰিছিল ।

জাননী জাৰি কৰাৰ পাছতে কেইখনমান দোকান নিজে ভাঙিছিল যদিও কেইখনমান দোকানে ব‍্যৱসায় চলাই আহিছিল । যাৰ ফলত আজি আৰক্ষী আৰু চি আৰ পি এফ বাহিনীৰ সহযোগত অবৈধ দোকানসমূহক উচ্ছেদ কৰে । অবৈধ দোকানসমূহে জধে মধে দোকান নিৰ্মাণ কৰি ব‍্যৱয়ায় চলাই আহিছিল ।

উল্লেখ‍্য যে পূৰ্বও প্ৰশাসনে কে’বাবাৰো উচ্ছেদ চলাইছিল যদিও অবৈধ দোকানসমূহে ব‍্যৱসায় চলাই আহিছিল । অনাগত দিনত এই সন্দৰ্ভত প্ৰশাসনে কেনে ধৰণৰ ব‍্যৱস্থা লয় লক্ষণীয় হ’ব । আজিৰ অভিযানত বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত খনীন দাস, হাউলী পৌৰসভাৰ কাৰ্যবাহী বিষয়া নিমাশ্ৰী ডাউকা, হাউলী পৌৰসভাৰ সভানেত্ৰী অঞ্জলি দাস চৌধুৰী, উপ-আৰক্ষী অধীক্ষক সমীৰ দপ্তৰ বৰুৱা, হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গোপাল বৰা, আৰক্ষী, চি আৰ পি এফ বাহিনী উপস্থিত থাকে ।

Exit mobile version