BOKO: বকোৰ পুঠিমাৰীত অঘটন। মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী

WhatsApp Image 2022 09 14 at 21.27.25

BOKO: বকোৰ পুঠিমাৰীত অঘটন। মধ্যাহ্ন ভোজন গ্ৰহণ কৰি অসুস্থ ৪১ গৰাকী ছাত্ৰ-ছাত্ৰী। পুঠিমাৰী শালমাৰা আঞ্চলিক আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়ত এই ঘটনা। অসুস্থ ছাত্ৰ-ছাত্ৰীক ছমৰীয়া ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি। কণী, দাইল আৰু ভাত খাই অসুস্থ হৈ পৰে ছাত্ৰ-ছাত্ৰী। গুৰুতৰভাৱে অসুস্থ ছয় গৰাকী ছাত্ৰ ছাত্ৰীক বকো প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি।

ADVERTISEMENT

বৰ্তমান বকো খণ্ড প্ৰাথমিক চিকিৎসালয়ত পুঠিমাৰী শালমাৰা আঞ্চলিক মধ্য ইংৰাজী বিদ্যালয়খনৰ তিনিগৰাকী ছাত্ৰী চিকিৎসাধীন। ছাত্ৰী কেইগৰাকী ক্ৰমে পঞ্চম শ্ৰেণীৰ প্ৰতিমা ৰয়(১০),সুব্ৰত মজুমদাৰ(১২), চতুৰ্থ শ্ৰেণীৰ ক্ৰমে ৰিয়া শীল(১০), পৰিক্ষীত মণ্ডল (৮),দ্বিতীয় শ্ৰেণীৰ ছাত্ৰী বৰ্ষা শীল(৭) আৰু তৃতীয় শ্ৰেণীৰ ছাত্ৰ দ্বীপজ্যোতি ৰয়(৯) ফটো খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে। কণী বেয়া আছিল বুলি অভিযোগ উত্থাপন ।

ভোজনৰ পাছতে ছাত্ৰ ছাত্ৰী সকল মূৰৰ বিষ, পেটৰ বিষ আৰু বমি কৰিবলৈ ধৰে । প্ৰধান শিক্ষক জন অৰাজকতা আৰু চূড়ান্ত দূৰ্নীতিপৰায়ণ বুলি অভিযোগ স্থানীয় ৰাইজৰ। মধ্যাহ্ন ভোজনৰ নামত ছাত্ৰ ছাত্ৰীক বৰবিহ খোৱাই মৃত্যুৰ মুখলৈ ঠেলি দিব বিচৰা প্ৰধান শিক্ষকৰ বিৰুদ্ধে গুজৰি উঠিল স্থানীয় ৰাইজ। আনকি ছমৰীয়া শিক্ষা খণ্ডৰ বিষয়া গৰাকীৰ ওপৰতো খৰ্গগ্ৰস্থ হ’ল স্থানীয় ৰাইজ।

Exit mobile version