KORIAN WOMEN: কোৰিয়ান মহিলাৰ জিলিকি থকা ছালৰ ৰহস্য কি ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 14 at 19.36.10 1

MAKE UP : ৰূপসজ্জা বুলি কলেই আমাৰ মনলৈ কোৰিয়ান মহিলাৰ কথা আহে । বিশ্বৰ ভিতৰতে ধুনীয়া ছালৰ গৰাকী হৈছে কোৰিয়ান মহিলাসকল । কিন্তু কেনেকৈ তেওঁলোকে ছালৰ সৌন্দৰ্য চৰ্চা কৰে ! যিটো সকলো নাৰীৰ বাবেই এক ৰহস্য । আজি আমি আপোনালোকক কোৰিয়ান মহিলাৰ সৌন্দৰ্য্য চৰ্চাৰ বিষয়ে কিছু কথা অৱগত কৰিম ।

১/ দৈনিক ৰূপচৰ্চা :— কোৰিয়ান মহিলাই দৈনিক ৰূপচৰ্চা কৰে । নিয়মিত ক্লিনজিং, ট’নিং ,ময়েশ্চৰাইজিং কৰাৰ লগতে ছালৰ ধৰণ অনুযায়ী মাস্ক ব্যৱহাৰ কৰে । ৰাতি শোৱাৰ সময়ত ১৫ মিনিট মাস্কৰ প্ৰলেপ ৰাখি চাফা পানীৰে ধুই দিয়ে । ইয়াৰলগতে সপ্তাহত ১-২ বাৰ স্ক্ৰাবিং কৰে ।

২ / প্ৰচুৰ পানী সেৱন :— কোৰিয়ান মহিলাই প্ৰচুৰ পানী খায় । আপুনিও দৈনিক প্ৰচুৰ পানী সেৱন কৰি ছালৰ পাৰ্থক্য অনুভৱ কৰিব পাৰিব । মানুহৰ শৰীৰত ডিহাইড্ৰেছন হলে ইয়াৰ প্ৰভাৱ ছালৰ ওপৰত পৰে । পানীয়ে ছালখন সতেজ কৰি ৰখাৰ লগতে মসৃণ কৰি ৰাখে ।

৩/ দৈনিক ব্যায়াম :— কোৰিয়ান মহিলাই দৈনিক ব্যায়াম কৰিবলৈ ভাল পায় । নিয়মিত কাৰ্ডিঅ, ওৱেট ট্ৰেনিং আদি সকলো মহিলাই কৰে । আমি হয়তো নাজানোঁ যে দৈনিক ব্যায়ামে শৰীৰটো সুস্থ ৰখাৰ লগতে ছালৰ সৌন্দৰ্য্যও বৃদ্ধি কৰে । যিহেতু ব্যায়ামে ৰক্ত প্ৰৱাহ বৃদ্ধি কৰি ছালখন উজ্জ্বল কৰি ৰাখে ।

৪/ অনামী প্ৰসাধন ব্যৱহাৰ নকৰে :— ৰূপসজ্জাত সাংঘাতিক সচেতন কোৰিয়ান মহিলাই কেতিয়াও অনামী প্ৰসাধন ব্যৱহাৰ নকৰে । সাধাৰণতে বজাৰত উপলব্ধ হোৱা যিকোনো ব্ৰেণ্ডৰ প্ৰসাধনৰ সলনি সদায় নামী-দামী প্ৰসাধন ব্যৱহাৰ কৰে ।

 ৫/ পাতলীয়া মেক আপ :— কোৰিয়ান মহিলাই সদায় পাতলীয়াকৈ মেক আপ কৰি ভাল পায় । যি ছালৰ প্ৰকৃত উজ্জ্বলতা তুলি ধৰে । তেওঁলোকে সাধাৰণতে পাতল ফাউণ্ডেশ্যন ব্যৱহাৰ কৰে । অতিৰিক্ত হাইলাইট ব্যৱহাৰ নকৰে । দিনৰ ভাগত তেওঁলোকে পাতল লিপষ্টিক লয় । ইয়াৰমাজতো কোৰিয়ান মহিলাই ভিটামিন চি চিৰাম, ছালৰ ধৰণ অনুযায়ী চীট মাস্ক, পিম্পেল প্যাচ, ভাল উৎপাদনৰ টোনাৰ ,স্ক্ৰাব আদি ব্যৱহাৰ কৰে । এই সকলোবোৰৰ উপৰিও সৌন্দৰ্য্য চৰ্চাৰ বাবে আত্মবিশ্বাসী হোৱাটো খুবেই প্ৰয়োজন লগতে মানসিক চাপৰ পৰা সদায় মুক্ত হৈ থাকিলে ছালৰ সৌন্দৰ্য বৃদ্ধি পায় ।

Exit mobile version