ULFA REACTS TO POLICE NABBING THREE SUSPECTED LINKMAN তিনি যুৱকক আলফা স্বাধীনৰে যোগাযোগ থকা সন্দেহত আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া

এক বিবৃতিত সংগঠটোৱে কয়,অসম আৰক্ষী আৰু ঔপনিৱেশিক ভাৰতীয় দখলকাৰী বাহিনীয়ে ১৩ ছেপ্তেম্বৰত তিনিজন যুৱকক আলফা স্বাধীনৰ সৈতে যোগাযোগকাৰীৰ সন্দেহত গ্ৰেপ্তাৰ কৰি আমাৰ সংগঠনৰ মেজৰ ৰূপম অসমৰ সৈতে যোগাযোগ ৰক্ষা কৰা বুলি প্ৰচাৰ চলাইছে ৷ সেইয়া সম্পূৰ্ণ ভিত্তিহীন ৷

01

তিনিজনকৈ যুৱকক আলফা স্বাধীনৰে যোগাযোগ থকা সন্দেহত আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত আলফা স্বাধীনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷আজি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা আলফা স্বাধীনৰ প্ৰচাৰ বিভাগৰ সদস্য ৰূমেল অসম স্বাক্ষৰিত এক বিবৃতিত সংগঠটোৱে কয়,অসম আৰক্ষী আৰু ঔপনিৱেশিক ভাৰতীয় দখলকাৰী বাহিনীয়ে ১৩ ছেপ্তেম্বৰত তিনিজন যুৱকক আলফা স্বাধীনৰ সৈতে যোগাযোগকাৰীৰ সন্দেহত গ্ৰেপ্তাৰ কৰি আমাৰ সংগঠনৰ মেজৰ ৰূপম অসমৰ সৈতে যোগাযোগ ৰক্ষা কৰা বুলি প্ৰচাৰ চলাইছে ৷ সেইয়া সম্পূৰ্ণ ভিত্তিহীন ৷উক্ত যুৱক তিনিজনৰ সৈতে আলফা স্বাধীনৰ কোনো লেতা ,বিষয়া তথা সদস্যৰ কোনোধৰণৰ যোগসূত্ৰ নাই বুলি স্পষ্ট কৰি দিয়ে৷

আনহাতে প্ৰচাৰ বিভাগৰ সদস্য গৰাকীয়ে আৰু কয় যে, সংগঠনৰ বিৰুদ্ধে অসম আৰক্ষী আৰু দখলদাৰী বাহিনীৰ এনে অপপ্ৰচাৰ কোনো নতুন বিষয় নহয় ৷যোৱা আগষ্ট মাহৰ মাজভাগত সোণাৰি আৰু নিতাইপুখুৰী পৰা দুগৰাকী নিৰী যুৱকক সেনা- আৰক্ষীয়ে আলফা স্বাধীনৰ যোগাযোগকাৰী সজাই জেললৈ নিক্ষেপ কৰিছিল ৷সেয়েহে স্বাধীনতাকামী ৰাইজে যাতে দখলকাৰী বাহিনী আৰু অসম আৰক্ষীৰ এনে নিকৃষ্ট প্ৰচাৰত প্ৰতিয়ণ নাযাবলৈ আহ্বান জনায় ৷

Exit mobile version