ASSAM SIX CMMUNITY : ৬ জনগোষ্ঠী জনজাতিকৰণৰ নামত চৰকাৰে ললিপপ খুৱালে : শংকৰজ্যোতি বৰুৱা

WhatsApp Image 2022 09 15 at 18.12.22

ASSAM SIX CMMUNITY: নিৰ্বাচনৰ পূৰ্বে ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা দিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কথা ৰাখিব নোৱাৰিলে । আজি কেন্দ্ৰীয় চৰকাৰে অসমৰ ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান নকৰাত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই মুখ্যমন্ত্ৰীয়ে ৬ জনগোষ্ঠীক জনজাতিকৰণৰ নামত ললিপপহে খুৱালে বুলি কটাক্ষ কৰে । ইয়াৰ লগতে ছাত্ৰ নেতাজনে মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰি এতিয়া জনজাতিকৰণৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ বিষয় বুলি দায়সৰা মন্তব্য কৰা বুলিও ক্ষোভ উজাৰে । তেওঁ লগতে কয় যে, যদি এয়া কেন্দ্ৰীয় চৰকাৰৰ বিষয়, তেন্তে অসম চৰকাৰে কিয় মন্ত্ৰীগোট গঠন কৰিছিল বুলিও প্ৰশ্ন কৰাৰ লগতে এই সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক কি প্ৰতিবেদন দাখিল কৰিছিল, সেইয়া স্পষ্ট কৰিবলৈ দাবী জনায় ।

ইফালে আজি শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাকে ধৰি বঙাইগাঁৱতো কোচ ৰাজবংশী ছাত্ৰ সন্থাই ছয় জনগোষ্ঠী জনজাতিকৰণৰ সন্দৰ্ভত চৰকাৰে প্ৰতাৰণা কৰা বিষয়ত আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰে ।

Exit mobile version