PRAGNANCY: গৰ্ভাৱস্থাত দেখা দিয়া বিভিন্ন সমস্যাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব ? জানিবলৈ পঢ়ক

WhatsApp Image 2022 09 15 at 19.53.43

PRAGNANCY: গৰ্ভৱতী সময়ত এগৰাকী মহিলাৰ বিভিন্ন শাৰীৰিক-মানসিক পৰিৱৰ্তন আহে । যেনেকৈ গৰ্ভাৱস্থতাত এগৰাকী মহিলাৰ ওজন বাঢ়ে ,তেনেকৈ কিছুমান মহিলাৰ চুলি সৰা বা ছালত ক’লা দাগ পৰা ,ষ্ট্ৰেছ মাৰ্ক পৰা দেখা যায় । বিশেষজ্ঞৰ মতে এই সময়ত মহিলা গৰাকীৰ হোৱা এনেবোৰ সমস্যা স্থায়ী নহয় । প্ৰসৱৰ পিছত এই সমস্যাবোৰ আপোনা-আপুনি কমি আহে । তথাপিও এই সময়ছোৱাত মহিলাগৰাকীয়ে নিজাকে কিছু প্ৰতিপালন কৰাতো দৰকাৰ ।

১/ মুখত পৰা ক’লা দাগৰ বাবে মৌ ৰস আৰু নেমু টেঙাৰ ৰস মিহলাই মিশ্ৰণ কৰি মুখত প্ৰলেপ লগাব লাগে । ১০-১৫ ৰখাৰ পিছত অলপ কুহুমীয়া পানীৰে ধুই দিব লাগে ।

২/ ইয়াৰলগতে কুহুমীয়া পানীত ক্লিনজাৰ দি মুখখন ভালদৰে ধুব লাগে । পিছত মৌৰ ৰসেৰে মুখত প্ৰলেপ দি অলপ সময় ৰাখি ধুই পেলাব লাগে ।

৩/ বিশেষকৈ এই সময়ছোৱাত মহিলাৰ পেটত ষ্ট্ৰেছ মাৰ্ক পৰা দেখা যায় । এই ষ্ট্ৰেছ মাৰ্কৰ পৰা ৰক্ষা পৰিবলৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি ভাল কোম্পানীৰ ষ্ট্ৰেছ মাৰ্ক নিৰাময়ৰ মলম ঘহিব লাগে । আগতীয়াকৈ প্ৰতিৰোধ কৰিলে সন্তান প্ৰসৱ হোৱাৰ পিছত মহিলা গৰাকীৰ পেটত ষ্ট্ৰেছ মাৰ্কৰ দাগ থকাৰ ভয় নাথাকে ।

৪/ শাৰীৰিক সুস্থিৰতা ৰক্ষা কৰিবলৈ দৈনিক পাতলীয়া আসনৰ অভ্যাস কৰিব লাগে । বিশেষকৈ মৎস্যাসন গৰ্ভৱতী মহিলাৰ বাবে খুবেই উপকাৰী আসন । এই আসনে শৰীৰ ও মন সুস্থ ৰখাৰ লগতে গৰ্ভাৱস্থাত হোৱা চুলি সৰা সমস্যাৰ পৰাও ৰক্ষা কৰিব পাৰে ।

৫/ একেদৰে প্ৰাণায়ম কৰিলেও শৰীৰৰ সমস্ত বিষাক্ত পদাৰ্থ বাহিৰ হয় লগতে অক্সিজেনৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে । শ্বাস-প্ৰশ্বাসৰ সময়ত তেজত জমা হৈ থকা টক্সিন প্ৰাণায়ম কৰিলে পৰিষ্কাৰ হোৱাৰ লগতে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰে । অৱশ্যে এগৰাকী গৰ্ভৱতী মহিলাই জটিল আসন কৰাৰ পৰা বিৰত থাকিব লাগে । অত্যাধিক কষ্ট গৰ্ভাস্থিত শিশুটিৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে । পৰাপক্ষত চিকিৎসকৰ পৰামৰ্শ অনুসৰি শাৰীৰিক অনুশীলন কৰা উচিত ।

Exit mobile version