SUDHAKANTHA : সুধাকণ্ঠৰ টালিগঞ্জৰ বাসগৃহ সংৰক্ষণ কৰি সাংস্কৃতিক সংগ্ৰহালয় স্থাপনৰ আহ্বান অসম নাট্য সন্মিলনৰ

WhatsApp Image 2022 09 15 at 20.08.31

ASSAM: অসম আৰু অসমীয়া জাতিৰ হিয়াৰ আমঠু সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকা । ভূপেন হাজৰিকাৰ জীৱনৰ তিনিটা দশক অতিবাহিত কৰা কলকাতাৰ টালিগঞ্জৰ বাসগৃহটো বৰ্তমানে জৰাজীৰ্ণ অৱস্থালৈ গতি কৰা কাৰ্যত অসম নাট্য সন্মিলনে গভীৰ উদ্যগ প্ৰকাশ কৰিছে । অসম নাট্য সন্মিলনৰ প্ৰধান সম্পাদক গিৰিধৰ ৰয় আৰু সন্মিলনৰ প্ৰচাৰ গোটৰ সভাপতি যুগান্ত বায়নে প্ৰকাশ কৰা এটা বিবৃতিত, সুধাকণ্ঠ গৰাকীৰ বহু কালজয়ী সৃষ্টিৰ অন্যতম সাক্ষী ৰাজ্য তথা দেশৰ লগতে বিদেশৰ বহু ধন্য শিল্পী, মনীষিৰ স্মৃতি বিজড়িত বাসগৃহটো সংৰক্ষণ কৰা কাৰণে অসম চৰকাৰে যোৱা সাত বছৰ ধৰি অসমৰ চহকী সংস্কৃতি দাঙি ধৰিব পৰাকৈ এক বিশাল পৰিসতৰ গঢ়ি তোলাৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি চলাই আছে যদিও কেতবোৰ ৰাজনৈতিক আৰু আমোলাতান্ত্ৰিক মেৰপেছৰ বাবে আজি পৰ্যন্ত বাসগৃহটো জহি খহি যোৱা অৱস্থাৰ পৰা উদ্ধাৰ কৰিবলৈ চৰকাৰ ফলবতী হোৱা নাই । পূৰ্বৰ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এই বিষয়ত ঘৰটোৰ গৰাকীৰ লগত চৰকাৰে ঘৰটো কিনি লোৱাৰ বাবে এক চুক্তিত উপনীত হৈছিল বুলি জানিব পৰা গৈছিল । কিন্তু পশ্চিমবঙ্গ চৰকাৰৰ ৰাজনৈতিক সদিচ্ছা অভাৱৰ বাবে কিছুমান কাৰিকৰী সমস্যাৰ সৃষ্টি কৰি অসম চৰকাৰৰ এনে সৎ প্ৰচেষ্টাক বাধা দিবলৈ এক পৰিবেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে বুলি আজি এক বিবৃতি যোগে জানিবলৈ দিছে অসম নাট্য সন্মিলনে ।

ইয়াৰ উপৰিও অসম নাট্য সন্মিলনে সকলো ধৰণৰ ৰাজনৈতিক আৰু আমোলাতান্ত্ৰিক বেমেজালি আঁতৰাই বাসগৃহটো চৰকাৰৰ অধীনলৈ আনি সংৰক্ষণ কৰাৰ বাবে অসম চৰকাৰক আহ্বান জনাইছে । অসমৰ বৰ্তমানৰ গতিশীল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ বুদ্ধিমত্তা আৰু তৎপৰতাত সুধাকণ্ঠৰ স্মৃতি বিজড়িত অসমীয়া কৃষ্টি সংস্কৃতিৰ উত্তৰণৰ সংগম থলী বাসগৃহটো অতি সোনকালে উপযুক্তভাবে মেৰামতি কৰি সংৰক্ষণ কৰাৰ লগতে এক সাংস্কৃতিক সংগ্ৰহালয়লৈ বাসগৃহটো ৰূপান্তৰিত কৰা হ’ব পাৰে বুলি অসম নাট্য সন্মিলনে আশা প্ৰকাশ কৰিছে ।

Exit mobile version