ক্ষোভিত গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সংবাদ মেল

অসমৰ ছয় জনগোষ্ঠীক পুনৰ প্ৰতাৰণা

WhatsApp Image 2022 09 16 at 17.42.13

কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰে জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ অন্যতম জনগোষ্ঠী কোচ ৰাজবংশী জনগোষ্ঠীটোক পুনৰ প্ৰতাৰণা কৰাত গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী জাঙুৰ খাই উঠিছে । কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে দেশৰ পাঁচ ৰাজ্যৰ ১২টা জনগোষ্ঠীক জনজাতিকৰণৰ সিদ্ধান্ত লোৱাৰ পাছত আজি গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীয়ে তামাৰহাট প্ৰেছ ক্লাৱত এক সংবাদমেল অনুষ্ঠিত কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।

সংবাদমেলত গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সুৰথ চন্দ্ৰ ৰায়ে কয় যে ৰাজনৈতিক, শৈক্ষিক, আৰ্থ-সামাজিক আদি সকলো দিশতে পিছ পৰি থকা কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ দাবীত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে দীৰ্ঘ দিনৰে পৰা আন্দোলন কৰি আহিছে যদিও কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে বাৰে বাৰে জনগোষ্ঠীটৈক প্ৰতাৰণা কৰি আহিছে ।

শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ কেবিনেটে দেশৰ পাঁচখন ৰাজ্যৰ ১২টা জনগোষ্ঠীক জনজাতিকৰণ কৰি অসমৰ ছয় জনগোষ্ঠীৰ লগতে ভূমিপুত্ৰ কোচ ৰাজবংশী জনগোষ্ঠীক পুনৰবাৰ প্ৰতাৰণা কৰিলে বুলি কৈ জিলা সভাপতিগৰাকীয়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণৰ ক্ষেত্ৰত বিজেপি নেতৃত্বাধীন অসম বা কেন্দ্ৰীয় চৰকাৰৰ যে সদিচ্ছা নাই সেয়া সঁচা বুলি প্ৰতিপন্ন হ’ল ।

গতিকে প্ৰবঞ্চক বিজেপি দলটোত থকা কোচ ৰাজবংশী জনগোষ্ঠীৰ সকলো লোকক বিজেপি দল ত্যাগ কৰাৰ বাবে গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি সুৰথ চন্দ্ৰ ৰায়ে সংবাদমেলযোগে আহ্বান জনায় । চৰকাৰে বাৰে বাৰে প্ৰতাৰণা কৰাৰ প্ৰত্যুত্তৰ অহা ২০২৪ৰ সাধাৰণ নিৰ্বাচনত দিয়া হ’ব বুলি উল্লেখ কৰি কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত সহমত পোষণ কৰা ৰাজনৈতিক দলত অন্তৰ্ভুক্ত হোৱাৰ বাবে কোচ ৰাজবংশী লোকসকলক কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিগৰাকীয়ে আহ্বান জনায় ।

অহা নৱেম্বৰৰ পৰা অসমৰ দুৱাৰমুখ শ্ৰীৰামপুৰত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰাৰ লগতে আন্দোলন তীব্ৰতৰ কৰি তোলা হ’ব বুলি কৈ গনতান্ত্ৰিক আন্দোলনৰ ভাষা বুজি নোপোৱা চৰকাৰৰ বিৰুদ্ধে জনগোষ্ঠীটোৰ নৱ প্ৰজন্মই যদি আন্দোলনৰ নামত বেলেগ পন্থা অৱলম্বন কৰে তাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰখনে জগৰীয়া হ’ব বুলি সন্মিলনীৰ জিলা সভাপতি সুৰথ চন্দ্ৰ ৰায়ে সংবাদমেলখনত তাৎপৰ্য্যপূৰ্ণ মন্তব্য প্ৰদান কৰে ।

মনকৰিবলগীয়া যে গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতিৰ দায়িত্ব পালন কৰি থকাৰ সমান্তৰালকৈ ১৯৯৮ৰ পৰা ক্ৰমে বিজেপি দলৰ গোসাইগাঁও মহকুমা কমিটীৰ সাধাৰণ সম্পাদক, হাতীধুৰা মণ্ডল কমিটীৰ সভাপতি, কোকৰাঝাৰ জিলা কমিটীৰ উপ-সভাপতি আৰু বৰ্তমান বিজেপি দলৰ ৰাজ্যিক কমিটীৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প কোষৰ সদস্য হিচাপে দায়িত্ব পালন কৰি থকা সুৰথ চন্দ্ৰ ৰায়ে অতি সোনকালে বিজেপি দল ত্যাগ কৰিব বুলি সংবাদমেলযোগে ঘোষণা কৰে ।

উক্ত সংবাদমেলত গোসাইগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপ-সভাপতি তৰণী কান্ত ৰায়, সদস্য সৰ্বানন্দ সৰকাৰ আৰু সদৌ অসম কোচ ৰাজবংশী যুৱ-ছাত্ৰ সন্মিলনীৰ সাংগঠনিক সম্পাদক মধুসুধন ৰায় উপস্থিত থাকে ।

Exit mobile version