ঠেং-মুখ বান্ধি থোৱা অৱস্থাত উদ্ধাৰ ৩১টা দেশীয় কুকুৰ 

WhatsApp Image 2022 09 16 at 20.25.35 1

গৰুৰ চোৰাং ব্যৱসায় চলি থকাৰ মাজতে দীৰ্ঘদিনৰ পৰা ৰাজ্যত চলি থকা দেশীয় কুকুৰৰ চোৰাং ব্যৱসায়ৰ বিষয়টো তল পৰি আছিল যদিও শেহতীয়াকৈ চোৰাং কুকুৰ ব্যৱসায়ৰ এটা ঘটনা পোহৰলৈ আহিছে ।

শুকুৰবাৰে বোকাখাত আৰক্ষীয়ে বোকাখাতৰ কুৰুৱাবাহীৰ পৰা উদ্ধাৰ কৰে ৩১টাকৈ দেশীয় কুকুৰ । উল্লেখযোগ্য যে, পথৰ কাষত ঠেং,মুখ বান্ধি বস্তাত ভৰাই থোৱা অৱস্থাত উদ্ধাৰ কৰে এই কুকুৰকেইটা ।

কুকুৰকেইটা যে কোনো দুষ্ট চক্ৰই বৰ্হিৰাজ্যলৈ বিক্ৰী কৰিবৰ বাবে এনেকৈ ৰাখিছিল ,সেইকথা অনুমান কৰা হৈছে যদিও কোনে, ক’লৈ কুকুৰসমূহ নিয়াৰ যো-জা কৰিছিল সেয়া এতিয়াও নিশ্চিত কৰিব পৰা নাই বোকাখাত আৰক্ষীয়ে ।

অৱশ্যে এই চোৰাং কুকুৰ সৰবৰাহ কৰা চক্ৰটোক উৎখাত কৰিবলৈ জোৰদাৰ তদন্ত আৰম্ভ কৰিছে বোকাখাত আৰক্ষীয়ে । ইফালে উদ্ধাৰ হোৱা কুকুৰকেইটাকলৈও আৰক্ষী বিপাঙত পৰা দেখা গৈছে । কুকুৰকেইটা ক’ত, কেনেকৈ ৰাখিব, সেই লৈ চিন্তাত পৰিছে বোকাখাত আৰক্ষী ।

Exit mobile version