পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা মন্ত্ৰী পুত্ৰৰ

WhatsApp Image 2022 09 16 at 17.41.16 1

মহানগৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা ।

প্ৰাক্তন মন্ত্ৰী তিলক গগৈৰ পুত্ৰ ধ্ৰুৱ গগৈয়ে বৃহস্পতিবাৰে নিশা নিজা বাসগৃহত পিষ্টলেৰে মূৰত গুলীয়াই আত্মহত্যা কৰে ।

গুৱাহাটীৰ ৰুক্মিণী গাঁৱৰ ষ্টাৰ ক্ৰেষ্ট এপাৰ্টমেন্টত সংঘটিত হোৱা এই আত্মহত্যাৰ ঘটনাৰ কাৰণ সন্দৰ্ভত এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই ।

পত্নী আৰু দুজনী কন্যাৰ পিতৃ মৃত গগৈ ৰুক্মিণী গাঁৱৰ এটা গাড়ীৰ শ্ব’ৰূমৰ স্বত্বাধিকাৰী আছিল ।

পুৱা ঘটনাস্থলীত দিছপুৰ আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ।

Exit mobile version