Amarinder Singh : বিজেপিত যোগ দিৰ অমৰিন্দৰ সিঙে ?

ejn7h8sg amit shah amarinder singh

পূৰ্বৰ পৰাই বিজেপিক সহযোগ কৰিছিল । এইবাৰ আনুষ্ঠানিকভাৱে বিজেপিত যোগ দিয়াৰ সম্ভাৱনা পঞ্জাৱৰ প্রাক্তন মুখ্যমন্ত্রী অমৰিন্দৰ সিঙৰ । শুকুৰবাৰে বিজেপি সূত্রে এই কথা জানিব পৰা গৈছে । সূত্রৰ দাবী, আগন্তুক সপ্তাহৰ সোমবাৰে দলৰ সভাপতি জেপি নড্ডাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে সিঙৰ দলে ‘পঞ্চাৱ লোক কংগ্রেছ’এ বিজেপিত যোগ দিব । নড্ডাৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ স’তেও ইতিমধ্যে মুখ্যমন্ত্ৰী সিঙৰ বৈঠক হৈছে । তাতেই বিজেপিত যোগদানৰ বিষয়টো নিশ্চিত হৈছে বুলি সূত্রৰ দাবী ।

প্রসংগত, পঞ্জাৱ কংগ্রেছত অন্তর্দ্বন্দ্বৰ ফলত বিগত বছৰৰ ছেপ্টেম্বৰত মুখ্যমন্ত্রীত্বৰ পৰা অমৰিন্দৰক প্ৰত্যাহাৰ কৰিছিল দলৰ শীর্ষনেতৃত্ব‌ই । ইয়াৰ পাছতে তেওঁ যোৱা নৱেম্বৰত কংগ্রেছ সভানেত্রী ছোনিয়া গান্ধীক সাত পৃষ্ঠাৰ পত্ৰ লিখি দল ত্যাগ কৰাৰ ঘোষণা কৰে । চলিত বছৰৰ ফেব্রুৱাৰীত পঞ্জাৱৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বৰ নতুন দল ‘পঞ্চাৱ লোক কংগ্রেছ’ গঠন কৰি বিজেপিৰ স’তে আসন আপোচ কৰিছিল অমৰিন্দৰে । কিন্তু বিধানসভা নিৰ্বাচনত এটা আসনতো জয়ী নহয় তেওঁৰ দল । পটিয়ালাৰ ৰাজ পৰিয়ালৰ সন্তান অমৰিন্দৰ তেওঁৰ পুৰণি আসনত পৰাজিত হৈছিল ।

কৃষি বিল বিৰোধী আন্দোলনক লৈ মতবিৰোধৰ ফলত শিৰোমণি অকালি দলৰ স’তে জোঁট ভংগ কৰাৰ পাছত পঞ্জাৱত দলীয় সংগঠন শক্তিশালী কৰিবলৈ সক্রিয় হৈছে বিজেপি । ২০২৪ৰ লোকসভা নির্বাচনক লক্ষ্য কৰি ইতিমধ্যে কংগ্রেছ, অকালি দলৰ কে’বাজনো নেতাক দলত টানিছে তেওঁলোকে । প্রাক্তন প্রদেশ কংগ্রেছ সভাপতি সুনীল ঝাখৰ, প্রাক্তন মন্ত্রী বলবীৰ সিং সিধু, গুৰপ্রীত সিঙৰ দৰে অমৰিন্দৰ ঘনিষ্ঠসকল আছে সেই তালিকাত । ঘটনাচক্রে, তেওঁলোকৰ সকলোকেই বিজেপিত অনাৰ ক্ষেত্রত শ্বাহৰ ‘ভূমিকা’ আছে ।

প্রায় চাৰে পাঁচ দশকৰ বর্ণময় ৰাজনৈতিক জীৱনত পূৰ্বেও দলবদল কৰিছে অমৰিন্দৰে । ৮০ৰ দশকত ইন্দিৰা গান্ধী অমৃতসৰৰ স্বর্ণমন্দিৰত সেনা অভিযানৰ সিদ্ধান্ত লোৱাৰ পাছত প্রতিবাদ জনাই কংগ্রেছ দল ত্যাগ কৰিউ এই প্রাক্তন সেনা বিষয়াই । যোগ দিছিল শিৰোমণি অকালি দলত । অৱশ্যে কিছু বছৰ পাছত পুনৰ কংগ্রেছত উভতি আহিছিল ।

Exit mobile version