এইবাৰ অসমবাসীক বিদ্যুতৰ মাধমাৰ

ইউনিটত নিৰিখ ৫৯ প‌ইচা, ইন্ধনৰ খৰচ ৩০ প‌ইচা বৃদ্ধি, পূৰ্বৰ ৰেহাই পাঁচ প‌ইচা প্ৰত্যাহাৰ

৬৬.৯০ লাখ বিদ্যুৎ উপভোক্তাক অন্ধকাৰত ৰাখি অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ বৃদ্ধি কৰিছে বিদ্যুৎ মাচুল । সমগ্ৰ ৰাজ্যজুৰি বিদ্যুৎ উপভোক্তাৰ বিগত দুটা মাহৰ মাচুল দুগুণলৈ বৃদ্ধি পোৱাৰ পাছতে গোমৰফাঁক হৈছে ৰাজ্যৰ শক্তি বিভাগৰ মিথ্যাচাৰৰ নমুনা । অচল মিটাৰ, কৰ্মচাৰীৰ দুৰ্নীতি তথা নিজস্ব উৎপাদন নথকা বাবে মুকলি বজাৰৰ পৰা বিদ্যুৎ ক্ৰয় কৰি বিতৰণ কৰা সূত্ৰে এপিডিচিএলে লোকচানৰ জোৰা মাৰিবলৈ ৰাজ্যবাসীৰ মূৰত জাপি দিছে বৰ্ধিত মাচুলৰ বোজা ।

অসম বিধানসভাৰ মজিয়াত ৰাজ্যৰ শক্তি মন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে মাচুল বৃদ্ধি সন্দৰ্ভত অজ্ঞতা প্ৰকাশ কৰাৰ লগতে গ্ৰাহকৰ বিদ্যুতৰ খৰচ বৃদ্ধি পোৱা বাবেহে বিল বাঢ়িছে বুলি এপিডিচিএলে বিজ্ঞাপনৰ জৰিয়তে প্ৰকৃত সত্য ঢাকি থোৱাৰ সময়তে ‘দৈনিক অগ্ৰদূত’ৰ আগত শুকুৰবাৰে মাচুল বৃদ্ধিৰ তথ্য প্ৰকাশ কৰিছে এপিডিচিএলৰ অধ্যক্ষ জিষ্ণু বৰুৱাই । ৰাজ্যৰ প্ৰাক্তন মুখ্য সচিব বৰুৱাই আজি ‘দৈনিক অগ্ৰদূত’ক কয় যে তাপবিদ্যুৎ উৎপাদন ব্যয় বৃদ্ধিৰ লগতে আনুষংগিক কেতবোৰ কাৰণৰ বাবে প্ৰতি ইউনিটত ৯৪ প‌ইচাকৈ বিদ্যুৎ মাচুল বৃদ্ধি কৰা হৈছে ।

অসম বিদ্যুৎ নিয়ামক আয়োগৰ অনুমোদনৰ ভিত্তিত এপিডিচিএলে যোৱা বছৰৰ তুলনাত প্ৰতি ইউনিটত ৫৯ প‌ইচাকৈ মাচুল বৃদ্ধি কৰিছে । একেদৰে এই সময়ছোৱাত তাপবিদ্যুৎ উৎপাদন প্ৰকল্পসমূহত প্ৰয়োজনীয় ইন্ধন বিশেষকৈ গেছ আৰু কয়লাৰ দাম বৃদ্ধিৰ সূত্ৰে লোকচানৰ জোৰা মাৰিবলৈ এপিডিচিএলে প্ৰতি ইউনিট বিদ্যুতত ৩০ প‌ইচাকৈ ইন্ধন মিচুল বৃদ্ধি কৰিছে ।

ইফালে, ৰাজ্য চৰকাৰে পূৰ্বে স্বেচ্ছামূলকভাৱে প্ৰতি ইউনিটত এক নিৰ্দিষ্ট সময়ৰ বাবে পাঁচ প‌ইচাকৈ মাচুল ৰেহাই দিছিল যদিও এই সময়সীমা পাৰ হোৱাৰ সূত্ৰে এপিডিচিএলে গ্ৰাহকৰ বিদ্যুতৰ বিলত সংযোজিত কৰিছে অতিৰিক্ত পাঁচ প‌ইচাও । ইয়াকে ধৰি শেহতীয়াকৈ প্ৰতি ইউনিট বিদ্যুতত উপভোক্তাই অতিৰিক্তভাৱে ভৰিবলগীয়া হৈছে ৯৪ প‌ইচাৰ বৰ্ধিত মাচুল ।

লক্ষ্যণীয় যে প্ৰতি ইউনিটত এই বৃহৎ পৰিমাণৰ মাচুল এপিডিচিএলে সংগোপনে বৃদ্ধি কৰাৰ ফলতে বিগত দুই-তিনি মাহৰ পৰা ৰাজ্যৰ বিদ্যুৎ উপভোক্তাৰ মাহিলি বিল পূৰ্বৰ তুলনাত বৃদ্ধি পাবলৈ ধৰিছে । প্ৰায় এশ শতাংশ গ্ৰাহকৰ বিদ্যুতৰ মাচুল দুই-তিনিগুণ পৰ্যন্ত বৃদ্ধি পোৱাৰ অভিযোগৰ প্ৰসংগত এপিডিচিএলৰ অধ্যক্ষ বৰুৱাই জনায় যে জুলাই-আগষ্টত প্ৰচণ্ড গৰমৰ বাবে উপভোক্তাৰ বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি পায় । স্বাভাৱিকতে বৰ্ধিত ব্যৱহাৰৰ বিপৰীতে ঊৰ্ধ্বগামী হোৱা প্ৰতি ইউনিট বিদ্যুতৰ বিপৰীতে নতুনকৈ সংযোজিত হোৱা নিৰিখৰ ফলত সামগ্ৰীকভাৱে গ্ৰাহকৰ বিদ্যুতৰ মাচুল ঊৰ্ধ্বগামী হৈছে । উল্লেখ্য যে অহা ছেপ্টেম্বৰত পৰিশোধ কৰিবলগীয়া বিলত গ্ৰাহকৰ বিদ্যুৎ মাচুলৰ পৰিমাণ তুলনামূলকভাৱে হ্ৰাস পোৱাৰ ইংগিত দিয়ে অধ্যক্ষজনে ।

দুগুণলৈ বৃদ্ধি পাইছে বিদ।যুৎ মাচুল, তথাপি মিথ্যাচাৰ এপিডিচিএলৰ

অস্বাভাৱিক হাৰত বিগত দুই-তিনি মাহৰ পৰা ৰাজ্যত বৃদ্ধি পাইছে বিদ্যুৎ মাচুল । প্ৰতিমাহে সৰ্বাধিক তিনিশ টকাৰ বিদ্যুৎ বিল অহা পৰিয়াল এটালৈ এইবাৰ প্ৰেৰণ কৰা হৈছে ছশৰ পৰা সাতশ টকা পৰ্যন্ত বিদ্যুতৰ বিল । স্বাভাৱিকতে বিদ্যুতৰ এই বৰ্ধিত মাচুলক লৈ বিব্ৰত হৈ পৰিছে ৰাজ্যৰ সৰ্বসাধাৰণ জনতা । লক্ষ্যণীয় যে এপিডিচিএলে লোকচানৰ বোজা হ্ৰাস কৰিবলৈ উপভোক্তাৰ ঘৰত পূৰ্বৰ ডিজিটেল মিটাৰ আঁতৰাই স্মাৰ্ট মিটাৰ স্থাপন কৰিবলৈ আৰম্ভ কৰাৰ পাছতে অস্বাভাৱিক হাৰত মাচুল বৃদ্ধিৰ দিশটো উন্মোচিত হৈছে । পিছে এপিডিচিএলৰ মুখ্য মহাপ্ৰৱন্ধকে এক বিজ্ঞাপনযোগে দাবী কৰিছে যে স্মাৰ্ট মিটাৰৰ ফলত বিদ্যুতৰ মাচুল বৃদ্ধি পোৱা নাই ।

প্ৰকৃততে জুলাই আৰু আগষ্টত প্ৰতি বছৰে বৃদ্ধি পোৱাৰ দৰে এইবাৰো বিদ্যুতৰ ব্যৱহাৰ বৃদ্ধি হোৱা বাবেহে গ্ৰাহকে অধিক মাচুল ভৰিবলগীয়া হৈছে বুলি স্পষ্টীকৰণ দিছে এপিডিচিএলে । লক্ষ্যণীয় যে আজি এপিডিচিএলৰ কৰ্তৃপক্ষ‌ই প্ৰকাশ কৰা এই বিজ্ঞাপনত ঘূণাক্ষৰেও উল্লেখ কৰা নাই ৰাজ্যৰ ৬৬.৯০ লাখ বিদ্যুৎ উপভোক্তাৰ মূৰত পুনৰ মাচুল বৃদ্ধি কৰি মুনাফা অৰ্জন কৰাৰ দিশটো স্পষ্ট হৈছে ।

https://twitter.com/Subham83894876/status/1570641097025818624?s=20&t=xDuFaiMhvE-aDQNasOjKJw

https://twitter.com/BlogPanku/status/1570641520486928385?s=20&t=xDuFaiMhvE-aDQNasOjKJw

মাচুল বঢ়ায়ো এপিডিচিএলে নিয়মীয়া কৰিব পৰা নাই বিদ্যুৎ যোগান : সঘন কৰ্তনত অতিষ্ঠ জনজীৱন

গ্ৰাহকক অৱগত নকৰাকৈ কাৰচাজিৰে মুনাফা লুটা এপিডিচিএলে মাচুল বঢ়ালেও নিয়মীয়া কৰিব পৰা নাই বিদ্যুৎ যোগান । বিশ্বকৰ্মা পূজাৰ সময়তে সমগ্ৰ ৰাজ্যজুৰি তুংগত উঠিছে এপিডিচিএলৰ সঘন বিদ্যুৎ কৰ্তনৰ ধাৰা । প্ৰকৃততে বিগত কিছুদিনৰ পৰা ৰাজ্যৰ গ্ৰামাঞ্চলৰ লগতে গুৱাহাটীকে ধৰি নগৰাঞ্চলতো সঘনাই বিদ্যুৎ কৰ্তন কৰি গ্ৰাহকক নাকনি-কাননি খুৱাই আহিছে এপিডিচিএলে । গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ লগে লগে গুৱাহাটী মহানগৰীটো সঘনাই বিদ্যুৎ কৰ্তন কৰিছে শক্তি বিভাগে । উল্লেখ্য যে বিগত ২০-২১ বৰ্ষত এপিডিচিএলে ২৮২.৪২ কোটি টকাৰ লোকচান ভৰিবলগীয়া হৈছিল । এই বৃহৎ অংকৰ ধনৰাশিৰ লোকচানৰ জোৰা মাৰিবলৈকে যেন সংগোপনে বিদ্যুৎ মাচুল বৃদ্ধি কৰি গ্ৰাহকক ৰামটাঙোন শোধাইছে শক্তি বিভাগটোৱে ।

Exit mobile version