পশ্চিম এছিয় দেশ টাইৱানত ভয়ংকৰ ভূমিকম্প

তাচপাতৰ দৰে খহি পৰিছে বিশাল অট্টালিকা, লাইনচ্যুত হৈছে কে'বাখনো ৰে'ল

Taiwan earthquake

দক্ষিণ চীন সাগৰৰ উপকুলত চীনৰে টাইৱানৰ কুটনৈতিক সংঘাত অব্যাহত থকাৰ মাজতে শনিবাৰ আৰু দেওবাৰে টাইৱানত সংঘটিত হয় ভূমিকম্প ৷ শনিবাৰে ৬.৬ প্ৰাবল্যৰ ভূমিকম্পত দক্ষিণ টাইৱানত কেইবাটাও অট্টালিকা বিধস্ত হয় ৷

ভূইকপ অনুভূত হোৱাৰ লগে লগে আবাসি সকল ওলাই আহে ৰাজপথলৈ৷ ২৪ ঘন্টা সম্পূৰ্ণ নৌহওঁতেই আজি বিয়লী ভাগত পুনৰ ভূমিকম্পৰ জোকাৰণি হয় ৷ ৰিখটাৰ স্কেলত ৬.৯ প্ৰাবল্য ভূমিকম্পৰ পিছতে টাইৱানৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষয়ক্ষতি হয় ৷ বহু অট্টালিকা তাচপাতৰ দৰে খহি পৰাৰ লগতে পাহাৰ খহি পৰাৰ দৃশ্যৰ ভিডিঅ ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈছে ৷

দক্ষিণ টাইৱানত বিধস্ত হোৱা এটা অট্টালিকাত বহুলোক আবদ্ধ হোৱাৰ কথা সদৰি কৰিছে প্ৰশাসনে৷ অৱশ্যে সকলোকে নিৰাপদে উদ্ধাৰ কৰে উদ্ধাৰকাৰী দলে ৷আনহাতে যাত্ৰীবাহী ট্ৰেইন এখন লাইনচ্যুত হোৱাত ২০ জন লোক আহত হয় ৷

প্ৰৱল ভূমিকম্পত বহু সা-সম্পত্তি বিনষ্ট হোৱাৰ আশংকা প্ৰশাসনে কৰিছে যদিও চৰকাৰৰ তৰফৰ পৰা ক্ষয়-ক্ষতিৰ বিতং তথ্য সদৰি কৰা নাই এই পৰ্যন্ত ৷

উল্লেখ্য যে টাইৱানৰ পূৱ উপকুলত ৬.৬ প্ৰাবল্যৰ ভূমিকম্পৰ মুল অভিকেন্দ্ৰ থকা বুলি নিশ্চিত হোৱাৰ পিছতে উপকুলীয় অঞ্চলবাসী চুনামীৰ আশংকাত ভূগিছে ৷ টাইৱান চৰকাৰে উপকুলীয় অঞ্চলত জাৰি কৰিছে হাই এলাৰ্ট ৷

Exit mobile version