Guwahati:গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা বাৰ্মিজ বাদাম জব্দ

WhatsApp Image 2022 09 18 at 17.41.53 1

GUWAHATI:গুৱাহাটী ৰে’ল আৰক্ষীয়ে আজি গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা ৫০ লাখ টকা মূল্যৰ ৪০ বস্তা বাৰ্মিজ আৰেকা বাদাম জব্দ কৰিবলৈ সক্ষম হয় ৷ ৰাজধানী এক্সপ্ৰেছৰ এটা ডবাৰ পৰা জব্দ কৰা হয় আৰেকা বাদামেৰে ভৰ্তি এটা বাকচ ৷বাকচটোৰ ভিতৰতে আছিল আৰেকা বাদাম ভৰ্তি বস্তা কেইটা ৷

আৰক্ষীয়ে সন্দেহ কৰা মতে বাদামখিনি নাগালেণ্ডৰ ডিমাপুৰৰ পৰা চোৰাংকৈ অনা হৈছিল বহি:ৰাজ্যলৈ নিবলৈ৷ জব্দকৃত আৰেকা বাদাম খিনিৰ মূল্য প্ৰায় ৫০ লাখ হ’ব বুলি নিশ্চিত কৰে ৰে’ল আৰক্ষীয়ে ৷

Exit mobile version