GUWAHATI:পাঞ্জাৱাৰীত শতাধিকৰ যোগদান অসম তৃণমূল কংগ্ৰেছত

WhatsApp Image 2022 09 18 at 20.16.31

GUWAHATI: মহানগৰীৰ পাঞ্জাৱাৰীত আজি অসম তৃণমূল কংগ্ৰেছৰ এক যোগদান সভা অনুষ্ঠিত হয়। দলটোৰ কামৰূপ মহানগৰ সমিতিৰ উদ্যোগত অনুষ্ঠিত সভাখনত শতাধিক পুৰুষ-মহিলাই দলটোত যোগদান কৰে । বিশ্বজিত হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত যোগদান সভাত বক্তব্য ৰাখি অসম তৃণমূল কংগ্ৰেছৰ মিডিয়া বিভাগৰ অধ্যক্ষ দিলীপ কুমাৰ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ জনবিৰোধী নীতিসমূহৰ সমালোচনাত সৰৱ হৈ পৰে।

একাংশ পুঁজিপতিক সেৱা কৰিবলৈ কেনেদৰে নৰেন্দ্ৰ মোডী চৰকাৰে সাধাৰণ জনতাৰ ওপৰত কৰৰ বোজা জাপি দি লুণ্ঠন কৰিছে সেই সন্দৰ্ভত বৰ্ণনা কৰে শৰ্মাই। পুঁজিপতিসকলক হাজাৰ হাজাৰ কোটি টকাৰ ঋণ মাফ কৰি সাধাৰণ জনতাৰ পৰা বিভিন্ন উপায়ে কেন্দ্ৰই টকা সংগ্ৰহ কৰাৰ কথা অৱগত কৰে তৃণমূলৰ নেতাগৰাকীয়ে।’আজি আমি বেংকত জমা থলেও কৰ দিব লাগে, টকা উলিয়ালেও কৰ দিব লাগে। কিন্তু পুঁজিপতিসকলক হাজাৰ হাজাৰ কোটি টকাৰ ঋণ দি বিদেশলৈ পঠিয়াই দিছে আৰু সাধাৰণ লোকৰ পৰা টকা সংগ্ৰহ কৰি তেওঁলোকৰ ঋণবোৰ পৰিশোধৰ ব্যৱস্থা কৰিছে। এয়াই আজিৰ দেশৰ আচৰিত সত্য,’ শৰ্মাই কয়। তেওঁ দলত নতুনকৈ যোগদান কৰাসকলক আদৰণি জনায় আৰু তেওঁলোকক দেশ নিৰ্মাণৰ বাবে বিজেপিৰ জনবিৰোধী নীতিসমূহৰ বিৰুদ্ধে ৰাইজক সজাগ কৰিবলৈ আহ্বান জনায়।

Exit mobile version