Hacker : প্রতিৰক্ষা মন্ত্রীৰ আঙুলিৰ ছাপ নকল কৰিলে হেকাৰে

WhatsApp Image 2022 09 18 at 19.24.16

Hacker : মোৰ বাহিৰে অন্য কোনোৱে মোৰ মোবাইল খুলিব নোৱাৰাটোৱে, বিচাৰে গ্রাহকসকলে । মোবাইল সুৰক্ষিত কৰিবলৈ কোনো কোনোৱে পাছৱৰ্ড আৰু কোনোৱে আঙুলিৰ ছাপ দিয়ে । এইবাৰ প্রশ্ন, কোনটো প্ৰক্ৰিয়াই অধিক সুৰক্ষিত কৰিব আপোনাৰ মোবাইলক ? পাছৱর্ড নে আঙুলিৰ ছাপে ! যদি দ্বিতীয়টো ভাবে, তনেহ’লে ভুল ভাবিছে । এই দ্বিতীয়টো নকল কৰি জার্মানীৰ প্রতিৰক্ষা মন্ত্রী পর্যন্তক ঘাটে ঘাটে পানী খোৱাইছে এজন হেকাৰে ।

অধিকাংশ লোকেই ভাবে পাছৱর্ডতকৈ আঙুলিৰ ছাপে অধিক সুৰক্ষিত ৰাখে ফোনক । পাছৱর্ড চুৰ কৰিব পাৰিলেও আঙুলিৰ ছাপ নকল কৰা সম্ভৱ নহয় । মোবাইল খোলা পাছৱর্ড কোনোৱে গম পালে, লগে লগে সলনি কৰিব পাৰি । সমস্যা শেষ । কিন্তু আঙুলিৰ ছাপ নকল কৰিলে কি কৰিব ? কি কৰিব বুজিব নোৱাৰিলে জার্মানীৰ প্রতিৰক্ষা মন্ত্রী উৰ্ছুলা ভন ডেৰ লেয়েনেও ।

কাৰচাজি কৰিছিল জ্যান ক্রিছলাৰে । হেকাৰৰ পৃথিৱীত তেওঁ ষ্টাৰবাগ নামে পৰিচিত । ‘ভেৰিফিংগাৰ’ নামে এটা বাণিজ্যিক ছফ্টৱেৰৰ মাধ্যমত মন্ত্রীৰ আঙুলিৰ ছাপ চুৰ কৰিছিল ষ্টাৰবাগে । নিচেই কাষত পৰা লোৱা উৰ্ছুলাৰ কিছুমান ছবিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰি কাৰচাজি কৰিছিল ষ্টাৰবাগ থুড়ি জেনে । এটা ছবি প্রকাশ কৰিছিল উৰ্ছুলাৰ প্রতিৰক্ষা বিভাগে । বাকী ছবিবোৰ মন্ত্রীৰ তিনি মিটাৰ দূৰৰ পৰা তুলিছিল জেনে ।

পাছত নিজেই ঠাট্টা কৰি কৈছিল, ‘‘ম‌ই যি কৰিছো, ইয়াৰ পাছৰ পৰা জনসমক্ষত আহিলে মন্ত্রীসকলে গ্ল’ভছ পিন্ধিব ।’’ কিয় এনে কৰিছিল জেনে ? হেকাৰৰ এটা সন্মিলনত তেওঁ জনাইছিল, কাৰো মোবাইল ল’লে খুব বেছি কেমেৰা অন কৰা হয় । তাতকৈ বেছি অন্য কোনো তথ্য পোৱা নাযায় । কিন্তু আঙুলিৰ ছাপ নকল কৰি মোবাইল খুলিব পাৰিলে অনলাইন বেংকিঙৰ পৰা এটিএম কার্ডৰ পাছৱর্ডো লৈ ল’ব পৰা যায় । যদিও অৱশেষত উৰ্ছুলাৰ মোবাইল হাতত নোপোৱাৰ বাবে এইবোৰ কৰিব নোৱাৰিলে জেনে ।

হেকাৰৰ সন্মিলনত অন্য এজন হেকাৰে আকৌ মোবাইলৰ পাছৱর্ড চুৰ কৰাৰ কৌশলো কয় । খোলাৰ সময়ত মোবাইলত যেতিয়া কোনোৱে পাছৱর্ড টাইপ কৰে, তেতিয়া তেওঁৰ চকুৰ মণিত প্রতিফলিত হয় স্ক্রিনটো । সেই চকুৰ মণিৰ ছবি তুলি মোবাইলৰ পাছৱর্ড পাইছিল হেকাৰজনে । বাকী হেকাৰসকলতকৈ বহু আগত জেন । জার্মানীৰ প্রতিৰক্ষা মন্ত্রীৰ আঙুলিৰ ছাপ চুৰ কৰাৰ আগতেও বহু বৃহৎ হেকিং কাণ্ডত অভিযুক্ত আছিল তেওঁ । ২০১৩ত এপল ফোনৰ ৫এছ মডেল বজাৰত অহাৰ ২৪ ঘণ্টাৰ ভিতৰত তেওঁৰ টাচ আইডি ছেন্সৰৰ কৌশল ধৰা পেলায় জেনে ।

কাঠ আৰু আঠাৰে এটা নকল আঙুলি তৈয়াৰ কৰিছিল জেনে । সেই নকল আঙুলিৰে অনায়াসে খুলিছিল অন্যৰ আইফোন ৫এছ, যিবোৰ ফোন স্বাত্ত্বাধিকাৰীৰ আঙুলিৰ ছাপ অবিহনে খোলিব নোৱাৰি । অৱশ্যে এইবাৰ নকল আঙুলি তৈয়াৰ কৰিবলগীয়া হোৱা নাই জেনে । আঙুলিৰ ছাপৰ হাই ৰিজ’লিউছন প্রিন্ট দি অন্যৰ মোবাইল খুলিব পাৰিছে বুলি দাবী কৰিছে এই হেকাৰে । যদিও এয়া কৰিবৰ বাবে মোবাইল ফোনটো হাতত পাব লাগিব ।

এই ধৰণৰ প্রতাৰণাৰ পৰা কেনেদৰে হাতসাৰিব গ্রাহকে ? বিশেষজ্ঞৰ মতে, মোবাইল আনলক কৰিবৰ বাবে কেৱল আঙুলিৰ ছাপ ব্যৱহাৰ কৰিলে নহ’ব । পাছৱর্ডো দিব লাগিব । আনলকৰ বাবে দুটা ব্যৱস্থা থাকিলে মোবাইল অধিক সুৰক্ষিত হ’ব । বিশেষজ্ঞ জে ষ্টেনলিয়ে ৱাশ্বিংটন প’ষ্টত এটা সাক্ষাৎকাৰত কয়, ‘‘বায়’মেট্রিক কিন্তু একো গোপন নহয় । ইউনিক । সকলোৰে ক্ষেত্রত পৃথক । দুটা বিষয়ক একেলগ কৰি দিলে নহ’ব ।’’ হেকাৰ ষ্টাৰবাগে কয়, ‘‘ম‌ই ভাবো আঙুলিৰ ছাপতকৈ পাছৱর্ড অধিক নিৰাপদ । কাৰণ পাছৱর্ড কেৱল মোৰ মগজুত থাকে । সতর্কভাৱে টাইপ কৰিলে কোনো দিন কোনো জানিব নোৱাৰিব ।’

Exit mobile version