PATHSALA:সৰুপেটাত নৱীন -শকুন্তলা ফুটবল লীগ

উত্তৰ বৰটাৰীৰ চেম্পিয়নশ্বিপ অৰ্জন

WhatsApp Image 2022 09 18 at 18.51.03

PATHSALA:পাঠশালাৰ পৰা জিণ্টুল তালুকদাৰ ১৮ ছেপ্টেম্বৰ : সৰুপেটা আঞ্চলিক ক্ৰীড়া সন্থাৰ উদ্যোগত সৰুপেটা হাইস্কুল খেল পথাৰত চলি থকা আন্তঃক্লাৱ ফুটবল লীগৰ আজিৰ ফাইনেল খেলত উত্তৰ বৰটাৰী ৰাখাল ক্লাবে চেম্পিয়নশ্বিপ অৰ্জন কৰে। নতুন টাঙলাপাৰা সাধনা পুথিভড়ালক ৩-১ গ’লত পৰাজিত কৰি উত্তৰ বৰটাৰী ৰাখাল ক্লাৱে বিজয়ী হৈ চেম্পিয়নশ্বিপ অৰ্জন কৰে। আজিৰ চুড়ান্ত খেলত বিজয়ী দলৰ ৰণদ্বীপ কলিতাই শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত হৈ অনুপ বড়ো বঁটা লাভ কৰাৰ লগতে বিজয়ী দলৰ ৰণ্টু কলিতাই টুৰ্ণামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰূপে বিবেচিত হৈ মমতা বসুমতাৰী বঁটা লাভ কৰে।

আজিৰ ফাইনেল খেলখন আৰম্ভণিতে উদ্বোধন কৰে বিধায়ক ফনীধৰ তালুকদাৰে আৰু আদৰণি ভাষণ দিয়ে সৰুপেটাৰ প্ৰাক্তন আৰক্ষী বিষয়া গোপীনাথ ডেকাই।খেলৰ অন্তত বিজয়ী দল, বিজিত দল, শ্ৰেষ্ঠ খেলুৱৈক বঁটা সমূহ বিতৰণ কৰে ট্ৰফী দাতা গোপীনাথ ডেকা, অঞ্জলি ডেকা, সৰুপেটা আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি যগেন বৰ্মণ আৰু প্ৰবীণ ক্ৰীড়াবিদ মহোদৰ বায়নে। ফাইনেল খেলৰ আৰম্ভণিতে উদ্বোধনী অনুষ্ঠানত প্ৰয়াত ফুটবল খেলুৱৈ মমতা বসুমতাৰীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে সাংস্কৃতিক কাৰ্যক্ৰমণিকাও ৰূপায়িত হয়।

Exit mobile version