VICTOR DAS : ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ

WhatsApp Image 2022 09 18 at 16.02.50 1

VICTOR DAS : ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া চলি থকাৰ মাজতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মহানগৰ আৰক্ষীলৈ এক পত্ৰ প্ৰেৰণ কৰিছে ।

আজি সাংবাদিকৰ আগত এই কথা ব্যক্ত কৰি আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে কয় যে , ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে সবিশেষ তথ্য দাখিল কৰিব লাগিব । কি কি ধাৰাত শিক্ষক দাসক গ্ৰেপ্তাৰ কৰা হৈছিল এই সকলো তথ্য আৰক্ষী সঞ্চালক প্ৰধান গৰাকীক দিব লাগিব ।

যিহেতু কেইবাটাও ধাৰাত দাসৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল মহানগৰ আৰক্ষীয়ে । এই সকলো গোচৰ খাৰিজ কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে । ৭ দিন দিছপুৰ আৰক্ষীৰ জিম্মাত থকা দাসে যোৱা শুকুৰবাৰে অন্তৰ্ৱৰ্তীকালীন জামিন লাভ কৰে । অহা ২৯ ছেপ্টেম্বৰত পুনৰ আদালতত হাজিৰ হ’ব লাগিব দাস । তেনে সময়তে আজি অসম আৰক্ষীৰ সঞ্চালক প্ৰধান গৰাকীয়ে অভিযুক্ত ভিক্টৰ দাসৰ সন্দৰ্ভত তথ্য বিচৰা কাৰ্যই এতিয়া বিশেষ তাৎপৰ্য বহন কৰিছে । ইয়াৰলগতে সঞ্চালক প্ৰধান গৰাকীয়ে আদালতে দিয়া ৰায় মতেই যাম বুলি উল্লেখ কৰে ।

Exit mobile version