DRUGS : অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত মৃত্যু যুৱকৰ

দুই যুৱকক আটক

WhatsApp Image 2022 09 19 at 13.43.51

DRUGS : অত্যাধিক ড্ৰাগছ সেৱনৰ ফলত এজন যুৱকে কৰুণ মৃত্যুক সাবটি লবলগীয়া হয় ৷ এই ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীত ৷ মৃত যুৱকজন গৰৈমাৰীৰ মহিগাঁৱৰ পাৰভেজ হুছেইন বুলি জানিব পৰা গৈছে ৷ যুৱকজনে আন দুই সতীৰ্থৰ সৈতে গৰৈমাৰী মেইন ৰোডৰ এক স্থানত গোপনে সেৱন কৰিছিল ড্ৰাগছ ৷ অত্যাধিক পৰিমাণৰ ড্ৰাগছ সেৱনৰ ফলত পাৰভেজ কিছু সময়ৰ পিছতে মাটিত ঢলি পৰে ৷

লগে লগে সংকটজনক অৱস্থাত গৰৈমাৰী সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃতক ঘোষণা কৰে ৷ আনহাতে আৰক্ষীয়ে যুৱকজনৰ সৈতেে একেলগে ড্ৰাগছ সেৱন কৰা দুই যুৱক টুক্ৰাপাৰাৰ ছাহানুৰ ৰহমান আৰু আনজন মহিমাৰী গাঁৱৰ ছাহানুৰ আলমক সোধপোছৰ বাবে আটক কৰে ৷ উল্লেখ্য যে দক্ষিণ কামৰূপত শেহতীয়াকৈ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ে বিশেষ প্ৰসাৰতা লাভ কৰাক লৈ উদ্বিগ্ন প্ৰকাশ কৰে স্থানীয় গঞাই ৷

Exit mobile version