LAND SCANDAL : ভূমি জালিয়াতিৰ গোচৰত অভিযুক্ত পলাতক লাট মণ্ডল জাকিৰ হুছেইনৰ সম্পত্তি বাজেয়াপ্ত

WhatsApp Image 2022 09 19 at 16.41.23

STATE GOVT : ৰাজ্য চৰকাৰে দুৰ্নীতি নিবাৰণৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি থকাৰ মাজতো বহু চৰকাৰী বিভাগত একাংশ কৰ্মচাৰী-বিষয়াই বিভিন্ন দুৰ্নীতি-অনিয়মৰ ঘটনাত লিপ্ত হৈ থকা দেখা গৈছে । চৰকাৰৰ নিৰ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি নলবাৰী জিলাৰ মুকালমুৱাৰ সোণাপুৰত জাকিৰ হুছেইন নামৰ এজন লাট মণ্ডল দীৰ্ঘদিন ধৰি ভূমি জালিয়াতিৰ সৈতে জড়িত হৈ আছিল ।

বৰ্তমান পলাতক হৈ থকা পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ এই পলাতক লাট মণ্ডল জনৰ এটা পুখুৰী জব্দ কৰে প্ৰশাসনে । অভিযোগ অনুসৰি , পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বড়ি টাপা লাটৰ মণ্ডলজনে একাংশ ভূ-মাফিয়াৰ লগত লগ-লাগি জালিয়াতিৰে ভূমি বিক্ৰী কৰি আহিছিল । ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত পশ্চিম নলবাৰীৰ ৰাজহ চক্ৰ বিষয়া অৰ্পনা শৰ্মাই তদন্ত কৰি এই লাট মণ্ডল গৰাকীৰ বিৰুদ্ধে চলিত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰী মাহতে বেলশৰ থানাত এখন এজাহাৰ দাখিল কৰে ।

উল্লেখযোগ্য যে, সেইদিন ধৰি পলাতক হৈ আছে এই ধৃত মণ্ডল গৰাকী ।

Exit mobile version