AGVB : অসম গ্ৰামীণ বিকাশ বেংকৰ চিথিলা শাখাত চৰম অৰাজকতা

গ্ৰাহকক দুৰ্ব্যাবহাৰ কৰাৰ অভিযোগ বেংক কতৃপক্ষৰ বিৰুদ্ধে

WhatsApp Image 2022 09 20 at 17.46.22

AGVB : অসম গ্ৰামীণ বিকাশ বেংকৰ চিথিলা শাখাত চৰম অৰাজকতা। অগ্ৰদূত বাৰ্তা দোতমা ২০ ছেপ্তেম্বৰঃ- কোকৰাঝাৰ জিলাৰ অধিন অসম গ্ৰামীণ বিকাশ বেংকৰ চিথিলাস্থ শাখাত চৰম অৰাজকতাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত বাতৰি অনুসৰি অসম গ্ৰামীণ বিকাশ বেংকৰ চিথিলা শাখাত গ্ৰাহকসকলে দীৰ্ঘদিনৰ পৰা হাৰাশাশ্তিৰ সন্মুখীন হৈ আছে। ইতিমধ্যে কেইবাজনো গ্ৰাহকে সংবাদমাধ্যমৰ কাষ চাপি প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে বেংকৰ পাছবুক আপডেট কৰিবলৈ আহিলেও আপডেট কৰি নিদিয়ে।

কে ওৱাই চি আপডেটৰ নামত দিনৰ পিছত দিন ঘুৰাই থকাৰো অভিযোগ উত্থাপন কৰে। বেংক কতৃপক্ষৰ কিছুমান দুৰ্ব্যাবহাৰৰ বাবে গ্ৰাহকসকল অসন্তোষ্টি প্ৰকাশ কৰি বেংকৰ কাৰ্যকলাপসমুহ ঠিক কৰাৰ বাবে উৰ্ধতম কতৃপক্ষক দাবী জনায়। ইপিনে বেংক কতৃপক্ষই জনায় যে বেংকত কৰ্মচাৰীৰ অভাৱৰ বাবে বহুতো অসুবিধা হৈ আছে।

Exit mobile version