BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

গংগা-ব্ৰহ্মপুত্ৰৰ বুকুত কৰিব পাৰিব ৪০০০ কিলোমিটাৰতকৈও অধিক দীঘলীয়া যাত্ৰা

WhatsApp Image 2022 09 20 at 20.34.35

BANARAS : অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব বনাৰসৰ পৰা অসমলৈকে ক্ৰুজ চলাচল । এইটো দেশৰ দীৰ্ঘতম জলপথ হ’ব, যিয়ে চাৰি হেজাৰতকৈও অধিক দীঘলীয়া যাত্ৰা কৰিব । কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাইছে যে ক্ষীপ্ৰতাৰে প্ৰকল্পৰ কাম অব্যাহত আছে আৰু অহা ফেব্ৰুৱাৰী পৰ্যন্ত সম্পন্ন হ’ব ।

বন্দৰ আৰু জলপথ মন্ত্রণালয়ে জনাইছে গংগা আৰু ব্রহ্মপুত্র নদীসহ ভাৰত-বাংলাদেশ প্র’ট’কল ৰুট হ’ব দেশৰ দীর্ঘতম জলপথ । ক্ৰুজখন উত্তৰ প্রদেশৰ বৰানসীৰ পৰা বগীবিললৈ চলিব । ই পৰ্যটন, বাণিজ্য আৰু কাৰ্গ’ ট্ৰান্সপ’ৰ্টত সহায়ক হ’ব । ডিব্ৰুগড় জিলাত অৱস্থিত বগীবিল সেতুৰ আশে-পাশে কে’বাটাও প্ৰকল্প উন্মোচন কৰা হৈছে ।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বগীবিল আৰু গুইজনত উপঙি থকা ঘাট নিৰ্মাণ কৰা হ’ব, ইতিমধ্যে ইয়াৰ শিলান্যাস হৈছে । ক্ৰুজৰ যাত্ৰীসকলৰ বাবে বগীবিল ৰিভাৰফ্ৰণ্ট পেছেঞ্জাৰ ঘাটো নিৰ্মাণ কৰা হ’ব, যিটো উত্তৰ-পূব ফ্ৰণ্টিয়াৰ ৰেলৱেৰ দ্বাৰা নিৰ্মিত হ’ব আৰু বগীবিল সেতুৰ কাষতে নিৰ্মাণ কৰা হ’ব । কেন্দ্ৰীয়মন্ত্ৰী সোণোৱালে কয়, প্ৰধানমন্ত্ৰীৰ দূৰদৃষ্টি বাস্তৱায়িত কৰিবলৈ কে’বাটাও জলপথ উন্নয়ন কৰা হৈছে, যাৰ ফলত পণ্যবাহী ব্যয় হ্ৰাস পাব । এই প্ৰকল্পটো গতিশক্তি ৰাষ্ট্ৰীয় মহাপৰিকল্পনাৰ অধীনস্থ ।

৮.২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত হ’ব ঘাট

কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে কয় যে ডিব্ৰগড় জিলাৰ বগীবিলৰ কাষত আৰু তিনিচুকীয়া জিলাৰ গুইজনত উপঙি থকা ঘাট নিৰ্মাণ কৰা হৈছে । ইয়াত উন্নতমানৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে, যাৰ ব্যয় হ’ব ৮.২৫ কোটি টকা । ২০২৩ৰ ফেব্ৰুৱাৰীৰ পৰ্যন্ত প্ৰকল্পটো সম্পূৰ্ণ হ’ব । তদুপৰি মুকলি প্লেটফৰ্ম, ৰেস্তোৰাঁ, আঠটা বায়’ টয়লেট আৰু ছটা টিঙৰ ঘৰ নিৰ্মাণ কৰা হ’ব । এইসমূহ বগীবিল সেতুৰ আশে-পাশে নিৰ্মাণ কৰা হ’ব ।

Exit mobile version